বুধবাৰে ভাৰতীয় সেনা বাহিনীৰ দাও ডিভিজনৰ পৃষ্ঠপোষকতাত সাপেকাতী সেনা চাউনীয়ে চৰাইদেউ জিলাৰ হোলোংমাৰা গাঁও আৰু ইয়াৰ আশ-পাশৰ এলেকাসমূহৰ স্থানীয় অধিবাসীসকলৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।
সাপেখাতী সেনা চাউনীৰ চিকিৎসা বিষয়াই চিকিৎসা শিবিৰত উপস্থিত থাকি প্ৰায় ৩০০ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক ঔষধ-পাতি প্ৰদান কৰে।
সেনা বাহিনীৰ এই উদ্যোগক স্থানীয় অধিবাসীসকলে ভূয়সী প্ৰশংসা কৰিছে।