• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেঞ্চাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰী সকীয়নি : স্বাধীনতা দিৱসৰ পূৰ্বে দাবী পূৰণ নহ’লে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2018 11:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক ৪৫ দিনৰ ভিতৰত প্ৰাদেশীকৰণ কৰি উক্ত বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিম বুলি আশ্বাস প্ৰদান কৰা বিজেপি মিত্ৰজোঁট চৰকাৰ আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে বিৰুদ্ধে ক্ষোভ উজাৰে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে কৰা মন্তৱ্যৰ বিৰোধিতা কৰি মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে কয় ‘যিজন শিক্ষামন্ত্ৰী কোনোদিন ধৰি গাঁৱত যোৱা নাই। সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা শিক্ষা মন্ত্ৰীয়ে ভেঞ্চাৰ বিদ্যালয়ৰ কি দুখ বুজি পাব? তেখেতে আমাক স্পষ্টকৈ কৈ দিলে ভেন্সাৰ বিদ্যালয়সমূহৰ তেওঁ বিৰোধী। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে তেওঁ বৰ্তমান কৰা এই মন্তব্য সম্পূৰ্ণ ভিত্তিহীন।’

Apply Now

উল্লেখ্য যে অহা ২৬ আগষ্টত গুৱাহাটীত ৰাজ্যৰ সকলো ভেন্সাৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল মিলিত হৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ভৱিষ্যতে তেওঁলোকে কেনেধৰণে আন্দোলন আগবঢ়াই নিব সেই বিষয়ে আলোচনা কৰিব বুলি সংবাদমেলত চৌধুৰীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত কোনোধৰণৰ ভেন্সাৰ শিক্ষানুষ্ঠান নাথাকে বুলি বিধানসভাৰ সদনত উল্লেখ কৰিছিল বুলি জানিবলৈ দিয়াৰ উপৰিও কয়, ‘চৰকাৰে ২০১১ চনৰ প্ৰাদেশীকৰণ আইনৰ ভিত্তিত যোগ্য বিবেচিত শিক্ষক-কৰ্মচাৰীক অতি সোনকালে প্ৰাদেশীকৰণ কৰিব লাগে। কিন্তু ২০১৭ চনত এই আইন সংশোধন কৰি যিখন আইন প্ৰণয়ন কৰিলে সেই আইনে বহুসংখ্যক কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰিব নোৱাৰিব।’

ইয়াৰোপৰি,  অহা ১৫ আগষ্টৰ ভিতৰত তলত উল্লেখিত দাবীসমূহ পূৰণ নকৰিলে ৫ চেপ্তেম্বৰ অৰ্থ্যাৎ শিক্ষক দিৱসক প্ৰতাৰণা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উক্ত সংবাদমেলতে উপস্থিত থকা মঞ্চৰ সভাপতি ড০ শিৰোমণি বৰুৱাই জানিবলৈ দিয়ে। উক্ত দিনটোতে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

তেওঁলোকৰ দাবীসমূহ ক্ৰমে :

১ জানুৱাৰী ২০০৬ চনৰ পূৰ্বে স্থাপিত চৰকাৰী অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ শিক্ষানুষ্ঠানসমূহ (প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ লগতে মাদ্ৰাছা আৰু সংস্কৃত টোলসহ) প্ৰদেশীকৰণ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰা।

প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত ২০০৯-১০ চনৰ বাধ্যতামূলক DISE CODE NO- কৰ্তন কৰি যিকোনো বছৰৰ DISE CODE NO থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰা।

বৰ্তমানলৈকে অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণ নোহোৱা পৰ্য্যন্ত তদৰ্থ ভিত্তি ভিত্তিত মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা।

ভেঞ্চাৰ শিক্ষানুষ্ঠানত সেৱা আগবঢ়াই ইতিমধ্যে মৃত্যুবৰণ কৰা আৰু বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী তথা পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা।

ওপৰোক্ত দাবীসমূহক ৰাজ্য চৰকাৰে পালন নকৰিলে আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও উক্ত সংবাদমেলত মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে সকীয়াই দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd