বিগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক ৪৫ দিনৰ ভিতৰত প্ৰাদেশীকৰণ কৰি উক্ত বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিম বুলি আশ্বাস প্ৰদান কৰা বিজেপি মিত্ৰজোঁট চৰকাৰ আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে বিৰুদ্ধে ক্ষোভ উজাৰে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে কৰা মন্তৱ্যৰ বিৰোধিতা কৰি মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে কয় ‘যিজন শিক্ষামন্ত্ৰী কোনোদিন ধৰি গাঁৱত যোৱা নাই। সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা শিক্ষা মন্ত্ৰীয়ে ভেঞ্চাৰ বিদ্যালয়ৰ কি দুখ বুজি পাব? তেখেতে আমাক স্পষ্টকৈ কৈ দিলে ভেন্সাৰ বিদ্যালয়সমূহৰ তেওঁ বিৰোধী। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে তেওঁ বৰ্তমান কৰা এই মন্তব্য সম্পূৰ্ণ ভিত্তিহীন।’
উল্লেখ্য যে অহা ২৬ আগষ্টত গুৱাহাটীত ৰাজ্যৰ সকলো ভেন্সাৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল মিলিত হৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ভৱিষ্যতে তেওঁলোকে কেনেধৰণে আন্দোলন আগবঢ়াই নিব সেই বিষয়ে আলোচনা কৰিব বুলি সংবাদমেলত চৌধুৰীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত কোনোধৰণৰ ভেন্সাৰ শিক্ষানুষ্ঠান নাথাকে বুলি বিধানসভাৰ সদনত উল্লেখ কৰিছিল বুলি জানিবলৈ দিয়াৰ উপৰিও কয়, ‘চৰকাৰে ২০১১ চনৰ প্ৰাদেশীকৰণ আইনৰ ভিত্তিত যোগ্য বিবেচিত শিক্ষক-কৰ্মচাৰীক অতি সোনকালে প্ৰাদেশীকৰণ কৰিব লাগে। কিন্তু ২০১৭ চনত এই আইন সংশোধন কৰি যিখন আইন প্ৰণয়ন কৰিলে সেই আইনে বহুসংখ্যক কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰিব নোৱাৰিব।’
ইয়াৰোপৰি, অহা ১৫ আগষ্টৰ ভিতৰত তলত উল্লেখিত দাবীসমূহ পূৰণ নকৰিলে ৫ চেপ্তেম্বৰ অৰ্থ্যাৎ শিক্ষক দিৱসক প্ৰতাৰণা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উক্ত সংবাদমেলতে উপস্থিত থকা মঞ্চৰ সভাপতি ড০ শিৰোমণি বৰুৱাই জানিবলৈ দিয়ে। উক্ত দিনটোতে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
তেওঁলোকৰ দাবীসমূহ ক্ৰমে :
১ জানুৱাৰী ২০০৬ চনৰ পূৰ্বে স্থাপিত চৰকাৰী অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ শিক্ষানুষ্ঠানসমূহ (প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ লগতে মাদ্ৰাছা আৰু সংস্কৃত টোলসহ) প্ৰদেশীকৰণ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰা।
প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত ২০০৯-১০ চনৰ বাধ্যতামূলক DISE CODE NO- কৰ্তন কৰি যিকোনো বছৰৰ DISE CODE NO থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰা।
বৰ্তমানলৈকে অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণ নোহোৱা পৰ্য্যন্ত তদৰ্থ ভিত্তি ভিত্তিত মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা।
ভেঞ্চাৰ শিক্ষানুষ্ঠানত সেৱা আগবঢ়াই ইতিমধ্যে মৃত্যুবৰণ কৰা আৰু বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী তথা পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা।
ওপৰোক্ত দাবীসমূহক ৰাজ্য চৰকাৰে পালন নকৰিলে আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও উক্ত সংবাদমেলত মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে সকীয়াই দিয়ে।