এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ দেশজুৰি অপ প্ৰচাৰ আৰম্ভ কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে পঠোৱা প্ৰতিনিধি দলটোৰ অসম আগমণৰ ৰহস্য ফাদিল কৰি দলত্যাগ কৰিছে খোদ তৃণমূলৰে অসমৰ শীৰ্ষ নেতা দীপেন পাঠকে।
ৰাজ্যিক নেতৃত্বৰ ফালৰ পৰা বাধা দিয়াৰ পিছতো অসমত বিষবাষ্প বিয়পোৱাৰ উদ্দেশ্যে দলটো পঠোৱা হৈছে বুলি পাঠকে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ‘অসমত বিষবাষ্প বিয়পাবলৈ মমতা বেনাৰ্জীয়ে তৃণমূলৰ দল প্ৰেৰণ কৰিছে,’ মন্তব্য দলত্যাগী পাঠকৰ।
অসমলৈ কলকাতাৰ পৰা তৃণমূল নেতাৰ দল পঠিউৱাৰ বিৰোধিতা কৰিছিল বুলি আজি ২ জুলাইত এক সংবাদ মেলযোগে জনাই পাঠকে। ‘এই পৰিস্থিতিত অসমলৈ আহিব নালাগে বুলি কৈছিলো,’ ‘অসমৰ জাতীয় স্বাৰ্থত দলত্যাগ কৰিছো’ বুলি দাবী কৰি সাংবাদিকক জনালে পাঠকে।
আনহাতে দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰুদ্ধে দেশজুৰি চলোৱা অপপ্ৰচাৰৰ পাৰ্শ্বক্ৰিয়াত অসমত সমাধিস্থ হোৱাৰ পথত আগবাঢ়িছে তৃণমূল কংগ্ৰেছ।
তৃণমূলৰ অসম ৰাজ্যিক সভাপতি তথা হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠকৰ লগতে ৰাজ্যিক সম্পাদক দিগন্ত শইকীয়া আৰু আন এজন নেতা প্ৰদীপ পাচনিৰ পদত্যাগৰ পিছত অসমৰ সকলো জিলা আৰু আঞ্চলিক শাখাই সমূহীয়াভাৱে দল এৰিব বুলি জানিব পৰা গৈছে।
অসমৰ এন আৰ চিৰ খচৰাক লৈ দলৰ নেতা মমতা বেনাৰ্জীয়ে গোকাট মিছা মতা বুলি অভিযোগ কৰি দলত্যাগৰ সিদ্ধান্ত লৈছে এইসকল নেতাই।
‘এন আৰ চিক বাঙালী খেদাও অভিযান আখ্যা দি গোকাট মিছা মাতিছে মমতা বেনাৰ্জীয়ে। অসমীয়া মানুহৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে। মই আৰু তেওঁলোকৰ লগত কাম কৰিব নোৱাৰোঁ,’ পদত্যাগৰ পিছতে সংবাদমেলত এই মন্তব্য দীপেন পাঠকৰ।
অসমৰ বানৰ দৰে জাতীয় সমস্যাক লৈ সংসদত মাত মাতিবলৈ তেওঁ কৰা বাৰম্বাৰ অনুৰোধ মমতাই কোনোদিনে শুনা নাছিল বুলিও সংবাদমেলত পাঠকে মন্তব্য কৰে।