গুৱাহাটীৰ বেলতলাৰ পৰা জয়ানগৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নেৰিমৰ বি-কমৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ ছাহিল যোশী শনিবাৰ আৰ্থাৎ ৭ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ছাহিল যোশী হেপ্পী মণ্টেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পুত্ৰ।
প্ৰাপ্ত তথ্য মতে শনিবাৰে পুৱা ছাহিল ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হয়। নিশা বহু সময়লৈকে ছাত্ৰজন ঘোৰী নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰি বহু স্থানত বিচাৰ-খোচাৰ কৰিও ছাত্ৰজনৰ কোনো সন্ধান লাভ নকৰে।
ফলত ছাহিলৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
আনহাতে ছাত্ৰজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলাবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বশিষ্ঠ চাৰিআলিৰ নিহাৰিকা ল’জৰ সন্মুখৰ পৰা সন্ধানহীন ছাত্ৰজনৰ স্কুটীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ছাহিলে লিখি থৈ যোৱা এখন চিঠিও উদ্ধাৰ কৰে। অৱশ্যে চিঠিখনত ছাহিলে কি লিখি থৈ গৈছে সেই সম্পৰ্কত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে ছাত্ৰজনক উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।