মহানগৰীৰ বামুনীমৈদামৰ এম আৰ ডি ৰোডস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত আজি এটা মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰে।
জানিব পৰা মতে অঞ্চলটোৰ ৰাইজে আজি পুৱা ১০:০০ মান বজাত নামঘৰ প্ৰাংগণত থকা শৌচালয়ৰ ওচৰতে এটা মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে চানমাৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।
আৰক্ষীসূত্ৰই জনোৱা অনুসৰি মৃত ব্যক্তিজনৰ নাম মুকুট দাস। জ্যোতিনগৰৰ গাওঁবুঢ়া পথত বসবাস কৰা বাবুল দাসৰ পুত্ৰ মুকুট দাস পেচাত এজন কাঠমিস্ত্ৰী আছিল। মৃত মুকুট দাসৰ বয়স প্ৰায় ৩৪ বছৰ বুলি জানিব পৰা গৈছে।
আনহাতে মুকুট দাসৰ পত্নী মণিকা দাসে কোৱা অনুসৰি লোকজনে ৩০ মাৰ্চত পত্নীৰ সৈতে কাজিয়া লাগি নিজৰ ১১ বছৰীয়া জীয়ৰী আৰু ৭ বছৰীয়া পুত্ৰক প্ৰহাৰ কৰি ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছৰে পৰা তেওঁ অঞ্চলটোত ঘূৰি-পকি আছিল যদিও ঘৰলৈ যোৱা নাছিল।
দাসে সঘনাই অত্যধিক মদ্যপান কৰি তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলিও পত্নী মণিকা দাসে উল্লেখ কৰে।
অত্যধিক মদ্যপান কৰাৰ বাবেই মুকুটৰ মৃত্যু হৈছে বুলি চানমাৰি আৰক্ষীয়ে সন্দেহ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে।