নাৰী সৱলীকৰণৰ বাবে দেশজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰাৰ মাত্ৰ দুদিনৰ পিছতে দেওবাৰে নগাঁৱৰ জুৰিয়াত স্বামীয়ে নিজ অন্তঃসত্ত্বা পত্নীক যৌতুকৰ বাবে জীৱন্তে অগ্নি সংযোগ কৰি হত্যা কৰাৰ চেষ্টা কৰে।
প্ৰাপ্ত তথ্য মতে জুৰীয়া থানাৰ অন্তৰ্গত বগৰীগুৰি গাঁৱৰ চাবিনা ইয়াচমিন নামৰ সন্তান সম্ভাৱনা মহিলাগৰাকীক স্বামীসহ তেওঁৰ পৰিয়ালৰ লোকে যৌতুক হিচাপে দাবী কৰা ধন দিব নোৱাৰাৰ বাবে জীৱন্তে জ্বলাই হত্যা কৰাৰ চেষ্টা কৰে।
জানিব পৰা মতে চাবিনা ইয়াচমিন নামৰ মহিলাগৰাকী দুবছৰৰ পূৰ্বে বগৰীগুৰি গাঁৱৰ আতাবুৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
আনহাতে বিবাহৰ পাছৰে পৰা ৰহমানে চাবিনাক পিতৃ গৃহৰ পৰা ধন বিচাৰি বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল।
দেওবাৰেও পুৱা ৮ বজাত প্ৰথম অৱস্থাত ৰহমানে চাবিনাক পিতৃ গৃহৰ পৰা ধন আনিবলৈ কোৱা প্ৰসংগক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয় আৰু পিছলৈ পৰিয়ালৰ বাকী সদস্যৰ সহযোগত চাবিনাক অগ্নি সংযোগ কৰি হত্যা কৰাৰ চেষ্টা কৰে।
ইফালে চাবিনাক অগ্নি সংযোগ কৰাৰ সময়ত চাবিনা ৭ মাহৰ সন্তান সম্ভাৱনা আছিল।
প্ৰথম অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা চাবিনাক জুৰিয়াত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পিছত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
মন কৰিব লগীয়া যে চাবিনাৰ পিতৃ গৃহৰ লোকে অৰ্থৰ অভাৱত গুৱাহাটীলৈ নিয়াৰ পৰিৱৰ্তে ঘৰলৈ ওভতাই আনে সম্প্ৰতি সংবাদ সংগ্ৰহ কৰা সময়লৈকে মহিলাগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।
আনহাতে চাবিনাৰ মাতৃ মনোৱাৰা বেগমে জুৰীয়া থানাত ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। সম্প্ৰতি অভিযুক্ত স্বামী ৰহমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।