ৰাজ্যৰ বিয়াগোম বিভাগসমূহৰ ভিতৰত অন্যতম শক্তি বিভাগটোৱে সাধাৰণ জনতাক হাৰাশাস্তি প্ৰদান কৰাই নহয়, বিভাগটোৰ উপস্থিতি সন্দৰ্ভতো ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰ কিম্বা মন্ত্ৰীও সলনি হ’ল পিছে সলনিহে ন’হল বিভাগটোৰ বিষয়-ববীয়াৰ কাণ্ডজ্ঞানহীন কৰ্মৰ নমুনা।
গ্ৰীষ্মৰ দিনকেইটাত দিনে ২ ঘন্টাকৈ ৰাইজক বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিভাগটোৰ একাংশ বিষয়াই জধে-মধে ভুৱা বিল প্ৰস্তুত কৰি গ্ৰাহক ৰাইজক হাৰাশাস্তি চলাই আহিছে। কেইদিনমান পূৰ্বে অত্যধিক হাৰত ভুৱা বিদ্যুৎ বিল প্ৰস্তুত কৰি লক্ষ লক্ষ টকা লুণ্ঠন চলোৱা চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডল বিষয়া লাটুমণি বৰ্মণ নিলম্বিত হ’ব লগা হোৱাৰ ঘটনা সংঘটিত হৈছে।
ইয়াৰ মাজতে চৰাইবাহী উপ-সংমণ্ডলৰ বাৰপূজীয়া বিতৰণ কেন্দ্ৰৰ অধীনস্থ তথা নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী উলুবাৰীত পথৰ কাষতে উন্মুক্ত অৱস্থাত থকা এটা উচ্চক্ষমতা সম্পন্ন টেন্সফৰ্মাৰে অঞ্চলটোত ভয়ংকৰ বিপদৰ আশংকা ঘণীভূত কৰিছে।
ৰাজ্যত সঘনে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক, পশুধন মৃত্যুমুখত পৰা ঘটনাৰ পৰা যেন অলপো শিক্ষা লোৱা নাই ৰাজ্যৰ বিদ্যুৎ বিভাগে। বেবেজীয়া- নমাটি-কুৱাপাৰ সংযোগী পথৰ উলুবাৰী গাঁৱত পথৰ কাষতে উন্মুক্ত অৱস্থাত থকা উচ্চ ক্ষমতা সম্পন্ন টেন্সফৰ্মাৰটোৰ বাবেই কণ-কণ ল’ৰা-ছোৱালী, পথচাৰীৰ জীৱনলৈ যিকোনো সময়তে অন্ধকাৰ নামি আহিব পাৰে।
স্থানীয় ৰাইজৰ তৰফৰপৰা বাৰম্বাৰ অভিযোগ দিয়া স্বত্বেও আজি পৰ্যন্ত চৰাইবাহী সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে ট্ৰেন্সফৰ্মাৰ টোৰ চৌপাশ বেৰি দিবলৈ সক্ষম নহ’ল। ঘটনা সংঘটিত হোৱাৰ পাছতহে সাৰ পোৱা অকৰ্মণ্য চৰাইবাহী সংমণ্ডলক স্থানীয় ৰাইজে অতি শীঘ্ৰে টেন্সফৰ্মাৰটোত ফেন্সিঙৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যথা কোনো অঘটন সংঘটিত হ’লে চৰাইবাহী বিদ্যুৎ সংমণ্ডল ইয়াৰ বাবে জগৰীয়া হ’ব বুলি ক্ষোভ ব্যক্ত কৰিছে উলুবাৰীৰ ৰাইজে।