শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ প্ৰতি অসম আৰক্ষীৰ আচৰণক ভাৰতেৰ ইতিহাসৰ ‘ক’লা দিন’ৰূপে অভিহিত কৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই।
‘চৰকাৰে বিমান বন্দৰত নাটক কৰোৱাৰ কি দৰকাৰ আছিল? বিমান বন্দৰত ইমান আৰক্ষী নিয়োগ কৰাৰ দৰকাৰ কি আছিল? জনপ্ৰতিনিধিক নিৰ্য্যাতন কৰা হৈছে আৰু আক্ৰমণ কৰিছে আৰক্ষীয়ে! এইটো আমাৰ দেশৰ ইতিহাসৰ এটা ক’লা দিন,’ ঘটনাটোৰ বাবে অসম চৰকাৰক দোষাৰোপ কৰি কংগ্ৰেছ বিধায়কজনৰ মন্তব্য।
‘আমি অসমত শান্তি আৰু সম্প্ৰীতি অক্ষুণ্ণ থকাটো বিচাৰো। আমি মমতা বেনাৰ্জীৰ ‘গৃ্হ যুদ্ধ’ মন্তব্য সমৰ্থন নকৰো। কিন্তু তাৰ অৰ্থ গণতন্ত্ৰ হত্যা নেকি? তাৰ অৰ্থ এইটো নেকি যে সাংসদ আহিলে তেওঁলোকক আৰক্ষীয়ে বিমান বন্দৰত বাধা দিব? ইয়াৰ অৰ্থ চিধাকৈ এইটো যে এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰি্যাটোত ক’ৰবাত গণ্ডগোল আছে। ই যদি স্বচ্ছ প্ৰক্ৰিয়া হ’লহেঁতেন তেন্তে চৰকাৰে তৃণমূলৰ সাংসদ, বিধায়ক আৰু মন্ত্ৰীক শিলচৰত ভ্ৰমণৰ অনুমতি দিলেহেঁতেন,’ নৰ্থ ইষ্ট নাও-ক শিলচৰৰ পৰা ফ’নযোগে জনালে বিধায়কজনে।
কমলাক্ষৰ মতে কোনেও যাতে এন আৰ চিৰ বিষয়ে একো গম পাব নৱাৰে তাৰ বাবে এই কাম কৰা হৈছে। ‘এন আৰ চিৰ প্ৰক্ৰিয়াত থকা কেৰোণ সম্পৰ্কে কোনোৱে যাতে প্ৰশ্ন কৰাৰ সাহ কৰিব নোৱাৰে, তাৰ বাবে এই কাম কৰা হৈছে,’ তেওঁ কয়।
ৰাজ্যত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুক একাষৰীয়া কৰিবৰ কাৰণে এইটো চৰকাৰে কৰা ‘ষড়যন্ত্ৰ’ বুলিও বিধায়কজনে মন্তব্য কৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে দলৰ মুৰব্বী মমতা বেনাৰ্জীৰ নিৰ্দেশ মতে প্ৰতিনিধি দলটোৱে বিমান বন্দৰ চৌহদতে অৱস্থান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।