শিলচৰ চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰা হ’ব আৰক্ষী চকী। আজি ২৪ জুলাইত চিকিৎসক-ছাত্ৰ বিক্ষোভৰ পিছত মহাবিদ্যালয়খনত উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয় ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি এই প্ৰতিশ্ৰুতি প্ৰদান কৰে।
চিকিৎসালয় চৌহদত আৰক্ষী চকীটো স্থাপন কৰা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে শীঘ্ৰে কথা পাতিব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ক্ষুভিত চিকিৎসকসকল আশ্বাস প্ৰদান কৰে।
‘কৰ্তব্যৰত চিকিৎসক আৰু আন সহকাৰী কৰ্মচাৰীৰ ওপৰত শাৰীৰিক আক্ৰমণৰ ধাৰাৱাহিক ঘটনাৰ অৱসানৰ বাবে আৰু মূল্যৱান ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ বাবে চিকিৎসালয় চৌহদত এটা আৰক্ষী চকী স্থাপনৰ’ দাবীত স্বাস্থ্য মন্ত্ৰীক প্ৰদান কৰিছিল চিকিৎসালয়ৰ ছাত্ৰ সন্থাই।
সন্ধিয়া প্ৰায় ৮ বজাত চিকিৎসালয়খনত গৈ উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থা বঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।
চিকিৎসালয়খনৰ ছাত্ৰ সন্থাই কৰ্তব্যৰত চিকিৎসকৰ ওপৰত বাৰে বাৰে হৈ থকা শাৰীৰিক আক্ৰমণৰ পৰা নিৰাপত্তা বিচাৰি প্ৰতিবাদ কৰাৰ ফলত আজি ২৪ জুলাইত চিকিৎসালয়খন প্ৰায় অচল হৈ পৰিছিল।
শিলচৰ চিকিৎসা মহাবিদ্যালয়তে বিজুলী নথকা অৱস্থাত এগৰাকী ৰোগীৰ মৃত্যুক লৈ যোৱা সোমবাৰে হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত কণিষ্ঠ চিকিৎসকসকলে নিৰাপত্তা বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছিল।
বিজুলী সৰবৰাহ বন্ধ থকাৰ বাবেই ৰোগীজনৰ মৃত্যু ঘটা বুলি ধৰি লৈ ৰোগীজনৰ পৰিয়ালৰ লোকে পিছত চিকিৎসালয়খন লণ্ড-ভণ্ড কৰাৰ লগতে চিকিৎসককো আক্ৰমণ কৰিছিল। মহাবিদ্যালয়খনৰ আই চি য়ুত কালি ২৩ জুলাইৰ সন্ধিয়া ৪০ মিনিট সময় ধৰি নাছিল বিজুলী যোগান।
কিন্তু বিজুলী যোগান নথকাৰ বাবে ৰোগীজনৰ মৃত্যু হোৱা নাছিল আৰু তেওঁক বচাবলৈ জ্যেষ্ঠ হৃদ শল্য বিশেষজ্ঞ ডাঃ আহমেদ চৌধুৰীকে ধৰি চিকিৎসকৰ দলটোৱে আপ্ৰাণ চেষ্টা কৰিছিল বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি জিয়াউৰ ৰহমানে।