চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে দিখৌ নদী। ভয়ানকভাৱে বৃদ্ধি পোৱা দিখৌ নদীৰ বাঢ়নী পানীয়ে নদী কাষৰীয়া অঞ্চল সমূহ বুৰাই পেলাইছে। দিখৌ নদীৰ বাঢ়নী পানীয়ে শিৱসাগৰৰ চহৰৰ ফুকন নগৰ, কালিবাৰী, চলে’গাওঁ, থানামুখ ঘাট আদি অঞ্চল বুৰাই পেলাইছে।
উল্লেখযোগ্য যে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে নগৰৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰ স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয়, খোৱা সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে।
ইফালে শিৱসাগৰৰ হাহঁচৰা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলতো দিখৌ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। অঞ্চলটোৰ চূনপোৰা হাবিগাওঁ, হাৰিপৰা আলি, বোকানগৰ, কুঁজিবালি আদি অঞ্চলসমূহ দিখৌ নদীৰ বাঢ়নী পানীত বুৰ গৈ আছে।
ফলত অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলক আটাছুৰ হাঁহচৰা আঞ্চলিকৰ সদস্য সকলে বিভিন্ন ধৰণে সহায় আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
আনহাতে বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত এন ডি আৰ এফৰ দল উপস্থিত হৈ বান পৰিস্থিতি নিয়ন্ত্রণ কৰিছে বুলি জানিব পৰা গৈছে।
ইফালে জলসম্পদ বিভাগৰ এক সূত্ৰই জনোৱা অনুসৰি শিৱসাগৰ নগৰত ৩৫ ছে:মি: বিপদসীমাৰ ওপৰে দিখৌ নদীৰ পানী বৈ আছে।