ৰক্তদানৰ উদ্দেশ্যে শিৱসাগৰত গঠিত হোৱা ‘ৰেছকিউ’ নামৰ অনুষ্ঠানটোৱে আজি ৫ আগষ্টৰ ‘বিশ্ব বন্ধুত্ব দিৱস’ উপলক্ষে পুলিচ কলনি আৰু নগৰৰ জেঙনিকটীয়া চাৰিআলি, কেন্দ্ৰীয় বজাৰ, দল’মুখ চাৰিআলি আৰু এ এচ টি চিৰ তিনিআলিত বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰে।
প্ৰকৃতিৰ সৈতে, সেউজীয়া ধৰণীৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ আহ্বান জনাই আয়োজন কৰা এই বৃক্ষ ৰোপণ কাৰ্য্যসূচীত শিৱসাগৰৰ বহুকেইজন আৰক্ষী বিষয়াৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰে।
ৰক্তদানৰ দৰে মহৎ কাৰ্য্য কৰি অহা ‘ৰেছকিউ’ৰ এই বৃক্ষ ৰোপণ কাৰ্য্যসূচীক শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।