সোণাৰিস্থিত সেনা শিবিৰে ডাও ডিভিজনৰ সহযোগত শিৱসাগৰ জিলাৰ নামতোলাত শনিবাৰে নিশা এজন এন এছ চি এন (কে) কেডাৰক আটক কৰে।
প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত সোণাৰি সেনা শিবিৰে নামতোলাত এক অভিযান চলাই, উক্ত অভিযানত এখাট কন্যাক নামৰ সংগঠনটোৰ এজন স্বয়ম্ভূ ছাৰ্জেন্ত মেজৰক আটক কৰা হয়।
২৫ বছৰীয়া ধৃত এখাট কন্যাক নাগালেণ্ডৰ মন জিলাৰ লুঙৱা গাঁৱৰ ছেচিং থিনচাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
কেডাৰজনক তালাচী চলোৱাত তেওঁৰ কবলৰ পৰা সেনাই তিনিখন ধন দাবী পত্ৰ, এটা মোবাইল ফোন আৰু বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে। ইয়াৰ উপৰি জেৰাত তেওঁ নাগালেণ্ডৰ মন জিলাত এন এছ চি এন (কে)ৰ হৈ কেইবাটাও ধন দাবী কাৰ্য্যৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰে বুলি সেনাই জানিবলৈ দিয়ে।
পিছত ধৃত কেডাৰজনক সোণাৰি আৰক্ষী থানাত গতাই দিয়া হয়।





