বুধবাৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা ‘শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৭’ৰ বিভিন্ন শিতানৰ বঁটা সমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক দাৰা আহমেদ। পৰিচালক আহমেদে অনুষ্ঠানত তাৎপৰ্যমূলক মন্তব্য কৰি কয়, ‘শৈলধৰ বৰুৱা এটা নাম নহয়, এটা অনুষ্ঠান। যাক বাদ দি অসমীয়া বোলছবিৰ সন্মানৰ কথা ভাবিব নোৱাৰি’। উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট প্ৰযোজক প্ৰয়াত শৈলধৰ বৰুৱাৰ স্মৃতিত শৈলধৰ বৰুৱা মেম’ৰিয়েল ট্ৰাষ্টে এই বঁটা আগবঢ়াই আহিছে। শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত মাজ ৰাতি কেতেকী ছবিখন নিৰ্বাচিত হয়। মাজৰাতি কেতেকীৰ পৰিচালক তথা প্ৰযোজক ডাঃ সান্তনা বৰদলৈক ৫০ হাজাৰ টকা, স্মাৰক আৰু প্ৰমান পত্ৰৰে সন্মানিত কৰা হয়।
আনহাতে চলচ্চিত্ৰ বঁটা ২০১৭ৰ আন শিতানৰ ভিতৰত মিচিং ভাষাৰ চলচ্চিত্ৰ লিঃ লেন পৰিচালনা কৰা নাৰায়ণ শীলক শ্ৰেষ্ঠ পৰিচালক, অনুৰাগ শইকীয়াক শ্ৰেষ্ঠ সংগীত পৰিচালক, মিণ্টু বৰুৱাক শ্ৰেষ্ঠ অভিনেতা, প্ৰণামী বৰাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ পৰিচালকৰ শিতানত ২৫ হাজাৰ টকা আৰু বাকী শিতানবোৰত ২০হাজাৰ টকাকৈ আগবঢ়োৱা হয়। বঁটা প্ৰদান অনুষ্ঠানত অনুৰাগ শইকীয়াৰ বাহিৰে আটাইকেইগৰাকী বঁটা প্ৰাপকে অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট অভিনেতা বাদল দাসক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে প্ৰয়াত শৈলধৰ বৰুৱাৰ অসমীয়া বোলছবিৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।