• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুবোধ বিশ্বাসৰ কু-কীৰ্তিৰ সাক্ষী হৈয়েই পৰি ৰ’ল চিলাপথাৰৰ আছুৰ কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2018 11:22 am
silapathar

চিলাপথাৰৰ আছুৰ কাৰ্যালয়।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদী আৰু সুধাকণ্ঠৰ প্রতিমূর্তি ভাঙি চূৰমাৰ কৰিছিল।

ৰাজ্যখনৰ সমূহ জাতীয় দল-সংগঠনৰ লগতে অসমৰ ৰাইজে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছিল। সেই ঘটনা সংঘটিত হোৱাৰ ইতিমধ্যে প্ৰায় ডেৰ বছৰ অতিক্ৰম হোৱাৰ পথত। কিন্তু সকলো জাতীয় আবেগক মষিমূৰ কৰি এতিয়াও সেই ‘জাতীয় শত্ৰু’ৰ কু-কীৰ্তিৰ সাক্ষী হৈ ৰৈছে চিলাপথাৰৰ আছুৰ কাৰ্যালয়।

Apply Now

উল্লেখযোগ্য যে উক্ত ঘটনাৰ বাবে নিব্বাচৰ সভাপতি সুবোধ বিশ্বাসৰ লগতে সর্বমুঠ ৫৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ ইয়াৰে ২৬জন অভিযুক্তই ইতিমধ্যে জামিনো লাভ কৰিছে।

চিলাপথাৰ-কাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে চিলাপথাৰত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ লগতে কেইবাজনো বিধায়িনী দলৰ সদস্য আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াই।

প্ৰতিনিধি দলটোৱে চিলাপথাৰ গাঁও পঞ্চায়তৰ কার্যালয়ত আয়োজিত এখন গুৰুত্বপূর্ণ সভাত বিভিন্ন সংগঠনৰ কাৰ্যকতাৰ সৈতে আলোচনাত মিলিত হৈছিল। উক্ত সভাতে তেওঁলোকে চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ শ্বহীদ বেদী, কার্যালয়ৰ লগতে ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তি নির্মাণৰ বাবে প্রয়োজনীয় ধনৰ ব্যৱস্থা কৰাৰ প্রতিশ্রুতি আগবঢ়াইছিল।

দুৰ্ভাগ্যজনকভাৱে, আজি ডেৰ বছৰ অতিক্রম কৰাৰ পিছতো বিধায়িনী দলৰ সেই প্রতিশ্রুতি পালন কৰা নহ’ল। শ্বহীদ বেদী, ড০ ভূপেন হাজৰিকাৰ স্মাৰক অথবা আছুৰ কার্যালয় নির্মাণৰ নামত কোনো কাম আৰম্ভ কৰা দেখা নগ’ল। এই সম্পৰ্কত চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দেৱেন ডেকা আৰু সম্পাদক অৰবিন্দ গগৈয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। বিধায়িনী দলটোক মিথ্যাচাৰী আখ্যা দি ভুৱা প্রতিশ্রুতিৰে ৰাইজক আভুৱা-ভঁৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। তেওঁলোকে লগতে চিলাপথাৰত সংগঠনটোক দিয়া প্রতিশ্রুতি শীঘ্রে ৰূপায়ন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

আনহাতে, এই ক্ষেত্ৰত বিভিন্ন সচেতন মহলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জাতীয় সংগঠন এটাৰ জাতীয় আবেগক অপমান কৰাৰ লগতে অসমৰ জাতীয় জীৱনৰ অতি আদৰৰ ব্যক্তি সুধাকণ্ঠৰ দৰে গণশিল্পীৰ প্ৰতিমূৰ্তি ভঙাৰ পিছত তাৰ পুনৰ্নিৰ্মাণৰ বাবে চৰকাৰে দেখুওৱা হেমাহিক তীব্ৰ ধিক্কাৰ দিছে জাতীয় দল-সংগঠনে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd