স্বচ্ছ ভাৰত মিছন গ্ৰামীণ,২০১৮ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো মাহজোৰা কাৰ্যসূচীৰে যোৱা ১ আগষ্টৰ পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ ৰূপায়ণ কৰা হৈছে। দেশৰ সৰ্ববৃহৎ স্বচ্ছতা অভিযানৰূপে পৰিগণিত হোৱা এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এক স্বতন্ত্ৰ সংস্থাই দেশত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ কাম-কাজ নিৰীক্ষণ কৰিব। কিছুমান নিৰ্দিষ্ট সূচকৰ ভিত্তিত ৰাজ্য আৰু জিলাসমূহক তালিকাভুক্ত কৰা হ’ব।
বিশ্বনাথ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰ মহকুমাতো স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ কাৰ্যসূচী ৰূপায়ণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। এই অভিযানৰ অধীনত গহপুৰ মহকুমাত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ উপলক্ষে যোৱা ৩ আগষ্টত গহপুৰত আয়োজিত এক স্বচ্ছাগ্ৰহী সভাত প্ৰায় ৮৫ গৰাকী স্বচ্ছাগ্ৰহীয়ে অংশগ্ৰহণ কৰে। একেদিনাই মহকুমাধিপতিৰ কাৰ্যালয়ত স্বচ্ছ সৰ্বেক্ষণৰ ওপৰত এখন বিশেষ বৈঠকো অনুষ্ঠিত হৈ যায়। এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাস, গহপুৰ আৰু হেলেমৰ ৰাজহ চক্ৰ বিষয়াদ্বয় ক্ৰমে ৰমী বৰুৱা আৰু বিমান দাস, সহকাৰী আয়ুক্ত ৰিংকু বড়ো, বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰবীন দাসৰ লগতে অন্যান্য চৰকাৰী বিষয়াসকল আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) তথা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
স্বচ্ছ সৰ্বেক্ষণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা ‘স্বচ্ছতা ৰথ’ নামৰ বাহনখনে ইতিমধ্যেই গহপুৰ মহকুমাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত এই বিষয়ত সজাগতাৰ সৃষ্টি কৰিছে।
স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ সৈতে সংগতি ৰাখি অহা ৮ আগষ্টত গহপুৰত কেইবাখনো বৈঠকৰ আয়োজন কৰা হৈছে। সেইদিনা সমগ্ৰ গহপুৰ মহকুমাৰ বজাৰ-হাট সমিতিৰ মহলদাৰসকল, গহপুৰ নগৰ সমিতিৰ সভানেত্ৰী তথা ৱাৰ্ড সদস্যসকল, লেছীসকল, খণ্ড উন্নয়ন বিষয়াসকল, আশা কৰ্মী আৰু তত্বাৱধায়কসকল, বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানৰ দায়িত্বত থকা চিকিৎসকসকল আদিৰ সৈতে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ বিষয়ববীয়াসকল কেইবাখনো সুকীয়া বৈঠকত মিলিত হ’ব।
গহপুৰ মহকুমাক স্বচ্ছ আৰু নিকা কৰি তোলাৰ স্বাৰ্থত এই স্বচ্ছতা অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাসে ৰাইজলৈ আহ্বান জনাইছে।