ঐতিহাসিক চৰাইদেউ জিলাৰ স্বাস্থ্য আৰু সেৱা খণ্ডৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিলে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সোণাৰী মহকুমাৰ চিকিৎসালয়খনক জিলা চিকিৎসালয়লৈ উন্নীতকৰণ কৰি আজি চিকিৎসালয়ৰ আধাৰশিলাৰ স্থাপন অনুষ্ঠানৰ আয়োজন কৰে।
১৯.৫৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই জিলা চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলা অনুষ্ঠানত স্বাস্থমন্ত্ৰীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক তথা শক্তি আৰু গড়কপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈ, মাহমৰাৰ বিধায়ক যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ লগতে বহুটো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, পূৰ্বৰ ৬০ খন বিচনাযুক্ত মহকুমা চিকিৎসালয়খনক ২০০ খন অত্যাধুনিক বিচনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে চৌব্বিশ ঘণ্টাই অবিৰত সেৱা আগবঢ়োৱাৰ ব্যৱস্থা থাকিব। চিকিৎসালয়খনত অত্যাধুনিক পৰীক্ষাগাৰ, বহিঃবিভাগ সেৱা, অন্ত:বিভাগীয় সেৱা, শৈল্য চিকিৎসা, নাক, কাণ, ডিঙি, অস্থিৰোগ, প্ৰসুতি আদি সেৱা উপলব্ধ হব বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে সোণাৰী সমষ্টিৰ বাট পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে আৰু চাহ বাগান অঞ্চলৰ বাট-পথ মেৰামতিৰ বাবে কেইবা কোটি টকীয়া পেকেজ ঘোষণা কৰে।