ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসী লৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ হিমা দাসৰ জন্মগাঁও ধিং ৩ নং কান্ধুলিমাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিবেশে। কিয়নো দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ নিতৌ আগমণ ঘটিছে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে।
সেইদৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ প্ৰতিনিধিও উপস্থিত হয় হিমাৰ বাসগৃহত। কালি নিশা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈ হিমাই কঢ়িয়াই অনা সাফল্যৰ বাবে পিতৃ-মাতৃক অভিনন্দন জনাই কয় যে হিমা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে হিয়াৰ আমঠু আৰু নয়নৰ মণি। হিমাৰ এনে সফলতাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য গৰ্বিত। কাৰণ, হিমা ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদিকা।
ইয়াৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে হিমাই যি ঠাইৰ বোকা-পানী, ধুলি-মাকতি গচকি বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰিলে সেই স্থানত উন্নতমানৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।
একেদৰে, ভাৰতৰ উজ্জ্বল ৰত্ন, অসমৰ জাতীয় সম্পদ হিমা দাসৰ প্ৰতি সন্মানাৰ্থে তেওঁৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃ, ভগ্নী-ভাতৃ আৰু আত্মীয়-স্বজনক অসম সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিনিধি নিত্যানন্দ বৰা, যতীন্দ্ৰনাথ সূত আৰু ধিং শাখা সাহিত্য সভাৰ বিষয়-ববীয়াসকল উপস্থিত হৈ হিমা দাসৰ পৰিয়ালক অভিনন্দন জনায়।
আনহাতে, অলপতে অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ ডিফু কাৰ্যনিৰ্বাহক সভাত আৰম্ভণিতে সকলোৱে থিয় হৈ হাত চাপৰিৰে হিমালৈ অভিনন্দন জ্ঞাপন কৰে বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়ে।