হোজাইৰ পাঁচলিত আজি সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত ১৩টা ঘৰ ভস্মীভূত হোৱাৰ লগতে ১০ লাখতকৈ অধিক মূল্যৰ সম্পত্তি জুইত জাহ যায়।
প্ৰাপ্ত তথ্য মতে, চৰ্ট চাৰ্কিতৰ ফলতে আজি পুৱা দিনৰ ১০:৫৫ বজাত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয়হি বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। উল্লেখযোগ্য ঘটনাস্থলীৰ পৰা মাত্ৰ ২ কি.মি দুৰত থকাৰ পিছতো অগ্নিনিৰ্বাপক গাড়ী ইমান পলমকৈ অহাত অঞ্চলটোৰ লোকসকল ক্ষুভিত হৈ পৰে।
অৱশ্যে পিছত হোজাই শংকৰদেৱ নগৰ আৰু নিলবাগানৰ পৰা অহা ৫খন অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।