হোজাই জিলাৰ নীলবাগানৰ অতি ব্যস্ততাপূৰ্ণ নীলবাগান-হোজাই, নীলবাগান-লংকা আৰু নীলবাগান-নগাওঁ সংযোগী গড়কাপ্তানি পথটোৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৰ ব্ৰীজৰ তলত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে অঞ্চলটোৰ ৰাইজক যমৰ যাতনা ভোগাইছে।
বিগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথচোৱাৰ কামত ব্যাপক অনিয়ম সংঘটিত কৰাত এতিয়া এজাক বৰষুণতে পথছোৱাৰ ওপৰৰ গাঁতত একাঁঠু পানী জমা হোৱাৰ লগতে এই পানী ওলাই যোৱাৰ উপযুক্ত নলাৰ ব্যৱস্থা নথকাত পথচাৰীৰ লগতে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।
স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি উক্ত পথৰ জৰাজীৰ্ণ অংশ মেৰামতিৰ কাৰণে দাবী জনাই অহাৰ পিছতো স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা নাই। ৰাইজৰ অভিযোগ অনুসৰি উৰনীয়া সেঁতুৰ তলত অবৈধভাৱে ন’পাৰ্কিঙৰ ঠাইত পাৰ্কিং কৰাৰ ফলত এইদৰে পথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷
উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে বিভিন্ন দল-সংগঠনৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছিল, কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি স্থানীয় প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ এই পথেৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, হোজাইৰ বিধায়ক শিলাদিত্য দেব, যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ লগতে মিত্ৰজোট চৰকাৰৰ ৰথি-মহাৰথি সকলৰ পৰা আৰম্ভ কৰি আৰ এছ এছৰ নেতাসকল অহা যোৱা কৰে যদিও মাহৰ পিছত মাহ ধৰি এইদৰে থকা ঠাইখনৰ কথা কাৰো চকুত নাই পৰা বুলি ৰাইজে মন্তব্য কৰিছে।
অতি শীঘ্ৰে পথচোৱাৰ পুখুৰী সদৃশ গাঁতবোৰ মেৰমতি নকৰিলে ৰাইজে স্থানীয় দল-সংগঠনৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷