• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ সংখ্যক বড়োলেণ্ড দিৱসত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 9:09 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰী কৰাৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। প্ৰতিটো জনগোষ্ঠীৰ সম্ভাৱনীয়তাক বিকশাই তুলি ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম বিকাশ নিশ্চিত কৰাৰ বাবেও ৰাজ্য চৰকাৰে কাম কৰি আহিছে।’ আজি কোকৰাঝাৰ জিলাৰ বডোফা নগৰত ১৬ সংখ্যক বড়োলেণ্ড দিৱসত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

বিটিএডি এলেকাত সহাৱস্থানেৰে বসবাস কৰি শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিটিচি নেতৃবৰ্গ আৰু বড়ো জনগোষ্ঠীৰ লোকসকলক প্ৰশংসা কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এই বড়ো জনগোষ্ঠীৰ লোকসকল শৃংখলাবদ্ধ, কৰ্মদ্যোগী আৰু সাহসী।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে বিটিএডি এলেকাৰ সকলো ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিটিচি প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ‘ৰাজ্য চৰকাৰে ভূটানৰ লগত ব্যৱসায়িক সম্পৰ্ক গাঢ় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত বিটিএডি এলেকাৰ উন্নয়নৰ গতি অধিক ত্বৰাম্বিত হ’ব। ভূটানৰ সৈতে বিটিএডি এলেকাৰ সীমান্তৰ ২৪০ কি. মি. দৈৰ্ঘ সামৰি এটা আন্তঃৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত অনুমোদন জনালেই ইয়াৰ কাম আৰম্ভ হ’ব।’

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বড়ো লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে বিটিএডি প্ৰশাসনে অতী শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব। লগতে তেওঁ কয় যে বিটিএডি প্ৰশাসনৰ বাহিৰত থকা জিলাসমূহতো বড়ো সাহিত্য সভা, সদৌ বড়ো মহিলা ফেদাৰেশ্যন, অল বড়ো ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ কাৰ্যালয় নিৰ্মাণ কৰিব। বড়ো জনসাধাৰণে যাতে অসমীয়া ভাষা শিকিব পাৰে তাৰ বাবে চাৰিখন জিলাৰ প্ৰতিখনতে একোটাকৈ প্ৰতিষ্ঠানো স্থাপন কৰা হ’ব।’

আজিৰ অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, সাংসদ বিশ্বজিত দৈমাৰী, বিটিচিৰ উপ মুখ্য প্ৰধান খামফা বৰগিয়াৰীয়েও ভাষণ প্ৰদান কৰে।

আনহাতে অনুষ্ঠানটোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, কেইবাগৰাকী বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd