• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯৫১ চনৰ ভিত্তিবৰ্ষই খিলঞ্জীয়াৰ ৰক্ষাকৱচ : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2018 9:36 pm
Upamanyu Hazarika.jpg

প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদমেলত উপমন্যু হাজৰিকা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ, আছুকে ধৰি ৰাজ্যৰ অন্যান্য দল-সংগঠনে ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো চলাই নিবলৈ দাবী জনাই থকাৰ সময়তে প্ৰব্ৰজন বিৰোধী মঞ্চই ১৯৫১ চনটো ভিত্তি হিচাপে লোৱাত অটল স্থিতি ৰখাৰ লগতে ইয়াৰ দাবীত অভিযান অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ গৌৰীসদনত প্ৰব্ৰজন বিৰোধী মঞ্চৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সেই সভাত মৰিগাওঁ, নগাঁও, চৰাইদেউ, গোলাঘাট, শিবসাগৰ, যোৰহাট ইত্যাদি কেইবাখনো জিলাৰ পৰা প্ৰব্ৰজন বিৰোধী মঞ্চৰ প্ৰতিনিধিসকলৰ সমাৱেশ ঘটে।

Apply Now

সভাত বক্তব্য দাঙি ধৰি প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সংৰক্ষণ কৰিবৰ বাবে অহা ১৯ মে’ত প্ৰায় ৫ লাখ গণ স্বাক্ষৰসহ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও উক্ত সভাতে ঘোষণা কৰে।

তেওঁ কয়, “১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তিবৰ্ষ কেৱল অসমতহে প্ৰযোজ্য, বাকী সকলোবোৰ ৰাজ্যত ১৯৫১ চনটোক ভিত্তিবৰ্ষ হিচাপে ধৰা হয়। লগতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰব্ৰজনকাৰীৰে সেই সময়ৰ আগৰ প্ৰব্ৰজনকাৰীৰ লগত বৈধ বা অবৈধ ৰূপত সম্বন্ধ দেখুৱাই নাগৰিকত্ব পাবলৈ সক্ষম হ’ব পাৰে। এই কেলেংকাৰি এন আৰ চিৰ ক্ষেত্ৰতো হৈ আছে, যাৰ ফলত খিলঞ্জীয়া নাগৰিক আৰু প্ৰব্ৰজনকাৰী নাগৰিকসকলে সম অধিকাৰ লাভ কৰি আহিছে। এনে পৰিস্থিতিত ১৯৫১ চনটো ভিত্তিবৰ্ষ হ’লে খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰীৰ মাজত সম অধিকাৰ নাথাকিব আৰু খিলঞ্জীয়া এই অন্যায়ৰ পৰা মুক্ত হ’ব।”

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে এখন আইন প্ৰস্তুত নকৰিলে সমগ্ৰ খিলঞ্জীয়া লোকসকলৰ সমৰ্থন হেৰুৱাব বুলিও হাজৰিকাই শনিবাৰৰ সভাত দাবী জনায়।

সভাৰ শেষত উপমন্যু হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি কয়, “ৰাইজে ইতিমধ্যে জনমত প্ৰকাশ কৰিছে যে আহিব লগীয়া বাংলাদেশীসকলকো আনিব নোৱাৰে আৰু থকাখিনিও অসমৰ পৰা যাতে যাবলৈ বাধ্য হয়। আমি প্ৰথম অবস্থাত ৩ লাখ লোকৰ স্বাক্ষৰ লৈছিলো। তাৰ পিছত এতিয়া মৰিগাওঁ, পেঙেৰীকে ধৰি মুঠ ২৪খন ঠাইত গণস্বাক্ষৰ অভিযান চলাই প্ৰায় ৫ লাখ চহী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো। পেঙেৰীত ৰাইজে ১০ দিনত প্ৰায় ১৫ হাজাৰ স্বাক্ষৰ, নগাঁৱৰ কাকীত ১৫ দিনত ৩০ হাজাৰ লোকে স্বাক্ষৰ কৰিছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd