• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১.৬৫ কোটি টকাৰে কলকাতাৰ টালিগঞ্জস্থিত সুধাকণ্ঠৰ বাসগৃহ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 2:20 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীলৈ এক সুখবৰ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জস্থিত গৃহ ক্ৰয় কৰাৰ বাবে আগবাঢ়িছে বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে। এই উদ্দেশ্যে বাসগৃহটোৰ বৰ্তমানৰ স্বত্বাধিকাৰীৰ সৈতে এক চুক্তি সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ দলে আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে এই সন্দৰ্ভত ইতিমধ্যে গৃহটোৰ স্বত্বাধিকাৰী সুশীল কুমাৰ দাংগীৰ সৈতে এক আলোচনাতো মিলিত হৈছে।

Apply Now

উল্লেখযোগ্য যে সুধাকণ্ঠৰ টালিগঞ্জস্থিত বাসগৃহটো এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল। কিন্তু সুধাকণ্ঠৰ পৰিয়ালে বাসগৃহটো এজন ব্যৱসায়ীক বিক্ৰী কৰি দিয়া বাবে বাসগৃহটো সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিছিল।

এই বিষয়টোক লৈ চলি থকা চৰ্চাৰ মাজতে বিগত বৰ্ষৰ এক নৱেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে আৰু প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কলকাতালৈ গৈ বাসগৃহটো পৰিদৰ্শন কৰাৰ লগতে গৃহটোৰ স্বত্বাধিকাৰী সুশীল কুমাৰ দাংগীৰ সৈতেও আলোচনাত মিলিত হৈছিল।

এই আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত গৃহটোৰ স্বত্বাধিকাৰী দাংগীক গুৱাহাটীলৈ মতাই আনি নৱ দলে আৰু হৃষীকেশ গোস্বামীৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰ কৰোৱা হয়। ৰাজ্য চৰকাৰে কালি প্ৰকাশ কৰা অনুসৰি উক্ত চুক্তিৰ প্ৰস্তাৱ আগন্তুক কেবিনেট বৈঠকত উত্থাপন কৰা হ’ব আৰু কেবিনেটে এই প্ৰস্তাৱ অনুমোদন জনোৱাৰ পাছতে বাসগৃহটো ক্ৰয়ৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে টালিগঞ্জৰ সুধাকণ্ঠৰ বাসগৃহটো দীৰ্ঘদিনৰ মেৰামতিৰ অভাৱত একপ্ৰকাৰ জহি-খহি গৈছে। এনে অৱস্থাতে সুধাকণ্ঠৰ পৰিয়ালৰ পৰা ব্যৱসায়ী দাংগীয়ে যথেষ্ট কম দামত বাসগৃহটো ক্ৰয় কৰে যদিও অসম চৰকাৰে ইয়াক সংৰক্ষণ কৰাৰ বাবে চলোৱা তৎপৰতাৰ সুযোগ লৈ তিনিগুণ মূল্য লৈহে বাসগৃহটো বিক্ৰীৰ বাবে সন্মত হৈছে ব্যৱসায়ীজন।

জানিব পৰা মতে, অসম চৰকাৰে সুশীল কুমাৰ দাংগীৰ পৰা এক কোটি ৬৫ লাখ টকাত এই বাসগৃহটো ক্ৰয় কৰিব। অৱশ্যে বাসগৃহৰ মূল্য সন্দৰ্ভত ৰাজ্য চৰকাৰে এতিয়াও কোনো কথা স্পষ্ট কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd