উন্নত আমেৰিকা গঢ়াৰ লক্ষ্যৰে ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ অনুপ্ৰৱেশ নীতিৰ প্ৰভাৱ এতিয়া ভাৰতীয়সকলৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ সংসদত মোদী চৰকাৰে সদৰী কৰা তথ্য অনুসৰি ২০২৫ চনত প্ৰায় ৪ হাজাৰ ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে।
আমেৰিকাৰ নতুন প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীসকলক হাতকেৰেয়া লগাই সামৰিক বিমানেৰে নিজ দেশলৈ ওভোতাই পঠিওৱাৰ যি দৃশ্য শেহতীয়াকৈ দেখা গৈছে সেয়া যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সদৰী কৰা অনুসৰি যোৱা বছৰৰ ডিচেম্বৰ মাহৰ মাজভাগলৈকে ৩ হাজাৰ ৪১৪ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে। অৱশ্যে বছৰটোৰ শেষলৈ এই সংখ্যা ৩ হাজাৰ ৮০০ অতিক্ৰম কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে।
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে আমেৰিকাৰ দৰে দেশসমূহৰ সৈতে এই বহিষ্কাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰত চৰকাৰে নিৰন্তৰ আলোচনা চলাই আছে। বিশেষকৈ কোনো ব্যক্তিক বহিষ্কাৰ কৰাৰ পূৰ্বে তেওঁ প্ৰকৃততে ভাৰতীয় নাগৰিক হয় নে নহয় সেই পৰিচয় নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে।
ইফালে কংগ্ৰেছ নেতা ৰণদীপ সিং সূৰ্যৱালাই যোৱা পাঁচ বছৰত আমেৰিকাৰ পৰা বহিষ্কৃত ভাৰতীয়ৰ সংখ্যা আৰু অবৈধ ডাঙ্কি ৰুট বা সুৰুঙাৰে দেশ ত্যাগ কৰা লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা লৈছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত মন্ত্ৰী সিঙে কয় যে ভাৰত চৰকাৰে আমেৰিকা প্ৰশাসনক ভাৰতীয়সকলক মানৱীক দৃষ্টিৰে চোৱাৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছে। বিশেষকৈ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা আৰু স্থিতিৰ ক্ষেত্ৰত চৰকাৰে অধিক উদ্বেগ প্ৰকাশ কৰিছে।
চৰকাৰে জনোৱা মতে একাংশ দালাল আৰু ভুৱা সংস্থাই বিদেশত চাকৰি বা নাগৰিকত্ব দিয়াৰ প্ৰলোভনেৰে মানৱ সৰবৰাহ চক্ৰ চলাই আছে। এই চক্ৰসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে মিলি গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। চৰকাৰৰ ই-মাইগ্ৰেট পৰ্টেলত ইতিমধ্যে ৩ হাজাৰ ৫০৫ জন পঞ্জীয়ন নোহোৱা অবৈধ দালালৰ নাম অন্তৰ্ভুক্ত কৰি জনসাধাৰণক সজাগ হ’বলৈ পৰামৰ্শ দিয়া হৈছে।
কেৱল আমেৰিকাই নহয় ২০২৫ বৰ্ষত চৌদি আৰৱ আৰু সংযুক্ত আৰব আমিৰাতৰ পৰাও প্ৰায় ২২ হাজাৰ ৮১৪ জন ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছে। ইয়াৰ উপৰিও ম্যানমাৰৰ পৰা ১ হাজাৰ ৬০৫ জন ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছে। বিদেশত ভাৰতীয় শ্ৰমিক আৰু ট্ৰাক চালকসকলৰ সঠিক তথ্য চৰকাৰৰ ওচৰত সম্পূৰ্ণৰূপে মজুত নাথাকিলেও চৰকাৰে সকলোৰে সুৰক্ষাৰ বাবে কাম কৰি থকা বুলি আশ্বাস প্ৰদান কৰিছে।





