• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাটো ৰাজনৈতিক বিষয় নহয়, বিজেপিয়ে ইস্তাহাৰত দিয়াটো অসাংবিধানিক : আদিত্য খাখলাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2018 10:31 pm
AdityaKhaklari

সংবাদমেলত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি বিজেপিয়ে ইস্তাহাৰত প্ৰকাশ কৰিছিল, সেয়া আছিল আভুৱা ভাঁৰা প্ৰতিশ্ৰুতি। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ থকাটো অসাংবিধানিক। কেন্দ্ৰ আৰু ৰাজ্যত মোদী চৰকাৰ থকাৰ পাছতো জনজাতিকৰণ কৰিব পাৰিছে জানো? এইটো ৰাজনৈতিকভাৱে কৰা বস্তু নহয়। সংবিধান উলংঘা কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে।”

শনিবাৰে গুৱাহাটীৰ আমবাৰীস্থিত হস্ততাঁত-বস্ত্ৰ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত জনজাতীয় বুদ্ধিজীৱীসকলক লৈ অনুষ্ঠিত হোৱা এক বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীয়ে।

Apply Now

তেওঁ লগতে দাবী কৰে যে জনজাতিকৰণটো অসমৰ সমস্যা নহয়, এইটো সৰ্বভাৰতীয় পৰ্য্যায়ৰ এটা সমস্যা।

আনহাতে, অতিকৈ আগবঢ়া আৰু জনবহুল জনগোষ্ঠীবিলাকে যদি জনজাতিকৰণ পায়, তেন্তে যিসকল জনজাতি আছে সেইসকল বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰাৰ লগতে কয়, “ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিকভাৱেও জনজাতিৰ তালিকাত থকা লোকসকল ক্ষতিগ্ৰস্ত হ’ব।”

৬ জনগোষ্ঠীক জনজাতিকৰণ বিষয়টোত আগৰে পৰা বিৰোধিতা কৰি অহা বুলি উল্লেখ কৰি তেওঁ কয়, “জনজাতিকৰণৰ বাবে নিৰ্ধাৰিত ৫টা বৈশিষ্ট্য থাকিব লাগে। কিন্তু সেই চৰ্তকেইটাৰ ৪টা চৰ্তই ৬ জনগোষ্ঠীয়ে পূৰণ নকৰে বুলি দেশৰ মহাপঞ্জীয়কে কৈছে। অসম চৰকাৰে দিয়া প্ৰস্তাৱ মহাপঞ্জীয়কে ৮বাৰকৈ প্ৰত্যাহাৰ কৰিছে।”

চৰকাৰে যদি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰে, তেন্তে অসমত বৃহৎ আন্দোলন গঢ়ি তোলা হ’ব বুলি খাখলাৰীয়ে হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে জনজাতীয় বুদ্ধিজীৱীসকলৰ মাজত অনুষ্ঠিত হোৱা চিন্তন বৈঠকত অন্য কেইবাটাও বিষয় আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

জনজাতীয় লোকসকলৰ মাজত ৰাজনৈতিক সজাগতা সচেতনতা আৰু ঐক্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ বাবে চিন্তন বৈঠকত আলোচনা কৰা হয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

তেওঁ কয়, “অসমৰ ভূমিপুত্ৰ জনজাতিসকলে স্বকীয় ভাষা-সংস্কৃতি, পৰিচয় অক্ষুণ্ণ ৰাখি মানৱীয় মৰ্য্যদাৰ অধিকাৰেৰে জীয়াই থাকিব বিচাৰিছে যদিও কোনো এখন চৰকাৰে জনজাতিসকলৰ সমস্যাৰ সমাধান নকৰাৰ ফলত সমস্যাবিলাক ক্ৰমান্বয়ে গম্ভীৰ হৈ আহিছে।”

“আজিৰ তাৰিখত নিৰ্দিষ্ট আইন থকাৰ পাছতো ট্ৰাইবেল ব্লক-বেল্ট সুৰক্ষিত নহ’ল।” এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয় “বন অধিকাৰ আইন-২০১৬ কাৰ্য্যকৰী নোহোৱাৰ ফলত জনজাতি বনবাসীসকলে আজিও ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সংৰক্ষণ আইন যথাযথ কাৰ্য্যকৰী নোহোৱাৰ বাবে ১২,১৫৫ টা জনজাতিৰ বাবে সংৰক্ষিত পদ পূৰণ নোহোৱাকৈ আছে।”

ইয়াৰোপৰি ৰাজ্য চৰকাৰে উন্নয়ন পৰিষদসমূহ গঠন কৰিছে যদিও পুজি আবণ্টন দিয়া নাই বুলি তেওঁ অভিযোগ তোলে।

আনহাতে চিন্তন বৈঠকতে বুদ্ধিজীৱীসকলৰ উপস্থিতিত জনজাতিসকলৰ বিভিন্ন অমীমাংসিত ইচ্ছ্যুৰ স্থায়ী সমাধানৰ পোষকতাৰে আৰু দিক নিৰ্ণয় কৰিবৰ বাবে আহ্বায়ক কমিটী এখনো গঠন কৰে।

উক্ত চিন্তন বৈঠকত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জনজাতি অধ্যুষিত অঞ্চলসমূহত গণ সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি আদিত্য খাখলাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

তদুপৰি ৩৫০ অনুচ্ছেদ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত জনজাতিসকলৰ ভাষাসমূহক শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনাই বৈঠকত এক প্ৰস্তাৱ গ্ৰহণ কৰে বুলিও তেওঁ কয়।

আনহাতে মিচিং, তিৱা, ৰাভা, সোণোৱাল, ঠেঙাল আৰু দেউৰী স্বায়ত্ত পৰিষদক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ বাবে বৈঠকত চৰকাৰক দাবী জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰোপৰি খাখলাৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিশ্ব এথলেটিকছত স্বৰ্ণ পদক লাভ কৰা হিমা দাসৰ সাফল্যত তেওঁলৈ শুভকামনা জ্ঞাপন কৰাৰ লগতে কয় “অসমত এথলেটিকছৰ এখন ষ্টেডিয়াম নাই। গতিকে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা হাতত ল’ব লাগে। হিমাই নিজৰ চেষ্টাৰ বলত বাহিৰত প্ৰশিক্ষণ লৈ এই এথলেটিকছত জয়ী হ’বলৈ সক্ষম হৈছে।”

জানিব পৰা মতে, আদিত্য খাখলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা চিন্তন বৈঠকত প্ৰাক্তন সাংসদ য়ু.জি ব্ৰহ্ম, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, বিশিষ্ট বুদ্ধিজীৱী ড০ অনিল দেউৰী, ড০ মতিলাল নুনিচাকে ধৰি অন্য বহু জনজাতীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd