অসমৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ।
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত নিযুক্তিৰ বাবে কেই হাজাৰমান শিক্ষকৰ চাকৰিৰ বিজ্ঞাপন দিছে।
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অলপতে নিম্ন প্ৰাথমিক শিক্ষক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ পদত নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।
ইচ্ছুক আৰু যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ চৰকাৰী ৱেবছাইট (dee.assam.gov.in),ৰ জৰিয়তে মাৰ্চৰ ২৬ তাৰিখৰ পৰা এপ্ৰিলৰ ১৯ তাৰিখৰ ভিতৰত আৱেদন কৰিব পাৰিব।
আৱেদনকাৰী প্ৰাৰ্থীৰ বয়স নিম্নতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।
সাধাৰণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৱেদন মাচুল ২০০ টকা ধাৰ্য কৰা হৈছে আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে আৱেদন মাচুল ১৫০ টকা ধাৰ্য কৰা হৈছে।
বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থীসকলে আৱেদন মাছুল ক্ৰেডিট, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আৱেদন মাচুল আদায় দিব পাৰিব।
উল্লেখযোগ্য যে মুঠতে ৯,৫১৩ টা খালী পদ আছে যাৰ ভিতৰত ৫৩৯৩ টা নিম্ন প্ৰাথমিক শিক্ষক আৰু ৪১২০ টা উচ্চ প্ৰাথমিক শিক্ষকৰ পদ।
খালী পদসমূহৰ দৰমহাৰ গাঁথনি হৈছে ১৪০০০-৪৯০০০ আৰু লগতে গ্ৰেড পে।
নিম্ন প্ৰাথমিক শিক্ষকৰ শিক্ষাগত অৰ্হতা দুবছৰৰ প্ৰাথমিক শিক্ষাৰ ডিপ্ল’মা (ডিএল এড)
উচ্চ প্ৰাথমিক শিক্ষকৰ শিক্ষাগত অৰ্হতা বিএ, বিএছচি আৰু বিএড বা ডিএড।
ইচ্ছুক প্ৰাৰ্থীসকলে চৰকাৰী ৱেবছাইট : dee.assam.gov.in/ যোগে আৱদন কৰিব পাৰে।