বিটিএডিত খিলঞ্জীয়া অবড়ো সকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে বিটিচি কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উত্তপ্ত হৈ আছে বিটিচি।
বিটিচি প্ৰশাসনৰ নতুন ভূমি নীতিয়ে অঞ্চলটোত বাস কৰা অবড়ো জাতি-জনগোষ্ঠীৰ লোকসকলক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াৰ পিছত অবড়ো জনগোষ্ঠীয় সংগঠনসমূহ একত্ৰিত হৈছে।
বিটিচিৰ নতুন ভূমি নীতিৰ বিষয়ে দেওবাৰে বৰমাৰ ওচৰৰ কদমতল চ’কত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি সুৰষ জামাল সৰকাৰৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
কাৰ্যনিৰ্বাহক সভাৰ পিছতে অবড়ো সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক যোগেশ্বৰ কলিতাই এখন সংবাদ মেলত বিটিচিৰ ভূমি নীতি সম্পৰ্কত কাৰ্যনিৰ্বাহক সভাই প্ৰকাশ কৰা ক্ষোভৰ কথা ব্যক্ত কৰে।
সংবাদ মেলখনত কলিতাই বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীক হিটলাৰী শাসন বন্ধ কৰি শীঘ্ৰেই এই ভূমি নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। তেওঁ বিটিএডিত বসবাস কৰা ২২ লক্ষ অবড়ো লোকক বিতাড়িত কৰি হাগ্ৰামা মহিলাৰীয়ে যি বড়োলেণ্ডৰ সপোন দেখিছে সেয়া কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব বুলি তেওঁ সকীয়াই দিয়ে।
বিটিএডিত অবৈধ অস্ত্ৰৰে হাগ্ৰামা মহিলাৰীয়ে চলাই থকা অপশাসন কেতিয়াও সহ্য কৰা নহয় বুলি ব্যক্ত কৰি কলিতাই জাতি-মাটি-ভেটিৰ স্বাৰ্থত বিপিএফত থকা সকলো অবড়ো লোককে বিপিএফ ত্যাগ কৰিবলৈ আহ্বান জনায়।
সংবাদ মেলখনৰ যোগেদি অবড়ো সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক যোগেশ্বৰ কলিতাই এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে। সেই মৰ্মে বিভিন্ন ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচীৰ লগতে অহা ৯ মাৰ্চত পুৱা ৫ বজাৰ পৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
এই আন্দেলনৰ কাৰ্যসূচীৰ ভিতৰত ১৪ মাৰ্চত ৰাজভৱনত ধৰ্ণা, ২৪ মাৰ্চত জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিত্বমূলক সভা আৰু ২৫ মাৰ্চত গোৰেশ্বৰত বিশাল গণ সমাৱেশৰ কাৰ্যসূচী ৰূপায়নৰ কথা কলিতাই ঘোষণা কৰে।