যোৱা দুটা বছৰত কেৰাচিন আৰু ৰন্ধন গেছৰ নিয়মীয়া মূল্য বৃদ্ধিৰ গতি অব্যাহত ৰাখি আজি যোৱা নিশাৰ মাজভাগৰ পৰা ৰাজসাহায্যযুক্ত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পালে।
ইন্ধনৰ দেশৰ বৃহত্তম খুচৰা বিক্ৰেতা ইণ্ডিয়ান অ’ইল কৰ্প’ৰেইশ্যনে জাৰি কৰা এটা বিজ্ঞপ্তিত এই ৰাজসাহায্যযুক্ত প্ৰতিটো চিলিণ্ডাৰৰ দাম ১.৭৬ টকা বৃদ্ধি কৰা বুলি জনায়।
সূত্ৰসমূহে জনোৱামতে, ইয়াৰ ফলত দিল্লীত প্ৰতিটো ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম বৰ্তমানৰ ৪৯৬.২৬ টকাৰ ঠাইত ৪৯৮.০২ টকা হৈছেগৈ।
আই অ’ চিৰ বিজ্ঞপ্তিত এই দাম বৃদ্ধিৰ কাৰণ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এল পি জিৰ দাম বৃদ্ধি আৰু কৰৰ প্ৰভাৱ বুলি কোৱা হৈছে।
উল্লেখযোগ্য যে গেছৰ দাম প্ৰতিটো মাহৰ প্ৰথম দিনটোৰ আৰম্ভণিতে বিগত মাহত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৱা দামৰ উত্থান-পতন আৰু বৈদেশিক বিনিময়ৰ হাৰৰ ওপৰত ভিত্তি কৰি কম-বেছি কৰা হয়।
সাধাৰণতে, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত গেছৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সমান্তৰালভাৱে চৰকাৰে দিয়া ৰাজসাহায্য বৃদ্ধি কৰি দি তাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰা হয়।
কিন্তু জি এছ টিৰ নিয়মৰ বাবে চিলিণ্ডাৰৰ দামত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দামৰ প্ৰতিফলন ঘটে। কিয়নো এল পি জিৰ ওপৰত লগোৱা জি এছ টি ইয়াৰ বজাৰ মূল্যৰ আধাৰত হিচাপ কৰা হয়। ফলত নিয়মমতে ৰাজসাহায্য আনুপাতিক হাৰত বৃদ্ধি কৰিলেও টেক্সৰ কাৰণে গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হয়।