• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যখনত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাৰ ক্ষেত্ৰত কঠোৰ স্থিতি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2018 9:37 am
Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত দলৰ কৰ্মীসকলৰ সুৰক্ষা বিচাৰি চিপিআইএমৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰাৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে তেওঁলোকক প্ৰতিশ্ৰুতি দি কয় যে কিছুমান চিপিআইএম আৰু আন ৰাজনৈতিক দলৰ ‘অত্যুৎসাহী’ দুৰ্বৃত্তই বাওঁপন্থী সমৰ্থক আৰু আন বাওঁপন্থী দলৰ কাৰ্যালয়ত আক্ৰমণৰ বাবে দায়ী।

বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলেৱাৰ পিছত যোৱা মাৰ্চ মাহৰ প্ৰথম ভাগত ত্ৰিপুৰাত দলৰ কৰ্মী আৰু কাৰ্যালয়ত সংঘটিত আক্ৰমণ সম্পৰ্কত চিপিআইএমৰ প্ৰতিনিধি দলটোৱে শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল।

Apply Now

এই হিংসাৰ বাবে বাওঁমৰ্চাই ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল আইপিএফটিক জগৰীয়া কৰি অভিযোগ আনিছিল।

শনিবাৰে আবেলি চিপিআইএমৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ আগত বক্তৱ্য ৰাখি দলৰ ৰাজ্যিক সম্পাদকবিজন ধৰে কয় যে বাওঁমৰ্চাৰ এটি পাঁচজনীয়া প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰি ৰাজ্যখনত বাওঁমৰ্চাৰ কৰ্মী তথা ট্ৰেড য়ুনিয়নৰ কাৰ্যালয়ত আক্ৰমণ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

বাওঁমৰ্চাৰ নেতাসকলে লগতে নিৰ্বাচনোত্তৰ কালত ত্ৰিপুৰাত বিজেপি আৰু আইপিএফটি সমৰ্থকে কৰা আক্ৰমণৰ তিনিখন তালিকাও দাখিল কৰে।

তালিকাখনত দাবী কৰা মতে যোৱা ৩ মাৰ্চৰ পৰা এতিয়ালৈকে  ৯৩ টা অগ্নিসংযোগৰ ঘটনা, ২৩০ টা লণ্ডভণ্ড কৰাৰ ঘটনা, ৫২ টা তলা বন্ধ কৰা আৰু ৬৩ টা দলীয়া কাৰ্যালয় দখল কৰাৰ ঘটনাকে ধৰি মুঠ ৪৩৮ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বাওঁমৰ্চাই লগতে দাবী কৰা মতে ১৭০০ তকৈয়ো অধিক বাওঁমৰ্চাৰ সমৰ্থক আৰু নেতাৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

অৱশ্যে, মুখ্যমন্ত্ৰীয়ে এই আক্ৰমণত বিজেপিৰ ভূমিকা থকাৰ কথা অস্বীকাৰ কৰিছে আৰু চিপিআইএমকে ধৰি আন ৰাজনৈতিক দলহে বাওঁ দলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাত দায়ী বুলি দোহাৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

ধৰে লগতে সংবাদ মাধ্যমক কয় যে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত তেওঁলোক সন্তুষ্ট হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd