মুম্বাইৰ মুলুণ্ড অঞ্চলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নিৰ্মাণাধীন মুম্বাই মেট্ৰ’ৰ এটা স্তম্ভৰ অংশ খহি পৰাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। মুলুণ্ডৰ এল বি এছ ৰোডত থকা জনছন এণ্ড জনছন কাৰখানাৰ সন্মুখত নিশা প্ৰায় ১২:১৫ বজাত এই ঘটনাটো ঘটে। ওপৰৰ পৰা মেট্ৰ’ দলঙৰ এটা বৃহৎ অংশ তলত গৈ থকা অটোৰিক্সা আৰু এখন ব্যক্তিগত বাহনৰ ওপৰত পৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ পিছতেই মুম্বাই মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষ চমুকৈ এমএমআৰডিএৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। বিএমচি আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত উদ্ধাৰ অভিযান চলাই আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কৰ্তৃপক্ষই জনোৱা মতে, আহতসকলক প্ৰয়োজনীয় সকলো ধৰণৰ চিকিৎসা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। উদ্ধাৰকাৰী দলে দুৰ্ঘটনাস্থলী পৰিষ্কাৰ কৰি যাতায়াত স্বাভাৱিক কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে।
এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিজনক ৰামধন যাদৱ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহতসকলৰ ভিতৰত ৪৫ বছৰীয়া ৰাজকুমাৰ ইন্দ্ৰজীত যাদৱৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁক বৰ্তমান চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰা হৈছে। আন দুজন আহত ব্যক্তি ক্ৰমে মহেন্দ্ৰ প্ৰতাপ যাদৱ আৰু দীপা ৰুহিয়াৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জনাইছে।
ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে এমএমআৰডিএ কৰ্তৃপক্ষই। কেনে পৰিস্থিতিত নিৰ্মাণাধীন মেট্ৰ’ৰ এই বৃহৎ অংশটো খহি পৰিল, সেই সন্দৰ্ভত বিতং পৰীক্ষা কৰা হ’ব। ইয়াৰ লগতে নিৰ্মাণ কাৰ্যত সুৰক্ষাৰ নীতি-নিয়মসমূহ সঠিকভাৱে পালন কৰা হৈছিল নে নাই, সেইটোও তদন্তৰ আওতালৈ অনা হ’ব। ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা পুনৰ নঘটে, তাৰ বাবে গাঁথনিগত স্থিৰতাৰ ব্যৱস্থাসমূহো পুনৰ পৰীক্ষা কৰি থকা হৈছে।





