NORTHEAST NOW (Assamese)

চন্দ্ৰপুৰত অঘটন : তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত, এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

June 10, 2019 6:18 pm · অনিৰ্বাণ পাঠক
Updated: June 10, 2019 6:29 pm
সোমবাৰে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ছাত্ৰ-ছাত্ৰী তিনিগৰাকী।

মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতীমাৰাত শোকাৱহ ঘটনা। তপোৱনত ফুৰিবলৈ অহা তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত। সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, মুঠ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী তাঁতীমাৰাৰ তপোবনলৈ ফুৰিবলৈ আহিছিল। ইয়াৰে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া তিনিগৰাকীৰ ভিতৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰজনৰ নাম ৰঞ্জন ডেকা বুলি জানিব পৰা গৈছে।

ইপিনে, মৃত্যুক আঁকোৱালি লোৱা ৰঞ্জন ডেকাৰ ঘৰ মৰিগাঁৱৰ গৌৰীপুৰত বুলি জানিব পৰা গৈছে। ৰঞ্জন ডেকা জাগীৰোড কলেজৰ ছাত্ৰ আছিল।

এতিয়াও বাকী দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ উদ্ধাৰৰ বাবে এচ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে। আনহাতে সন্ধানহীন হৈ থকা ভাৰ্গৱ ডেকাৰ ঘৰ মায়ঙত। ভৰ্গব ডেকাও জাগীৰোড কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি চন্দ্ৰপুৰ কলেজৰ তৃষ্ণা কলিতা নামৰ ছাত্ৰী গৰাকীয়ে প্ৰথমতে নদীত জাঁপ দিয়ে। তেওঁক বচাবলৈ ভার্গৱ ডেকা, ৰঞ্জন ডেকা আৰু ধ্ৰুৱজ্যোতি হাজৰিকাই ব্ৰহ্মপুত্ৰত নামি যায়। কিন্তু নদীত নিখোজ হয় ভার্গৱ ডেকা আৰু ৰঞ্জন ডেকা। অৱশ্যে ধ্ৰুৱজ্যোতি হাজৰিকাই পাৰলৈ উঠি আহিবলৈ সক্ষম হয়।

আনহাতে, তেওঁলোকৰ সৈতে যোৱা অৰ্চনা ডেকা নামৰ ছাত্ৰীগৰাকী বৰ্তমান সুকলমে আছে। অৰ্চনাই জানিবলৈ দিয়া মতে, তৃষ্ণাই তেওঁৰ বয়ফেণ্ডৰ সৈতে ফোনত কাজিয়াত লিপ্ত হৈছিল আৰু নদীত জাঁপ দিম বুলি বাৰে বাৰে কৈ আছিল। ইয়াৰ মাজতে তৃষ্ণাই হঠাতে গৈ নদীত জাঁপ দিয়ে।

প্ৰেম জনিত কাৰণত যুৱতীগৰকীয়ে নদীত জাঁপ দিছিল বুলি সন্দেহ কৰা হৈছে।

Related News