• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছ’চিয়েল মিডিয়াত ঘৰ আৰু সোণ দেখুওৱাৰ ভয়ংকৰ পৰিণাম : ইউটিউবাৰৰ ঘৰত সোমাই দুৰ্বৃত্তই লুটি ল’লে ১০ লাখ টকাৰ সামগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 3:12 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত ছ’চিয়েল মিডিয়াত নিজৰ ধন-সম্পত্তি প্ৰদৰ্শন কৰাটো এগৰাকী ইউটিউবাৰৰ বাবে বিপদৰ কাৰণ হৈ পৰিল। ৰচনা গুৰ্জৰ নামৰ এগৰাকী গৃহিণী তথা ইউটিউবাৰৰ ঘৰত নিশা চোৰে প্ৰৱেশ কৰি প্ৰায় ১০ লাখ টকাৰ সামগ্ৰী লুটি লৈ যায়। তেওঁ নিজৰ ইউটিউব চেনেলত ঘৰৰ বিলাসী জীৱন আৰু সোণৰ অলংকাৰ দেখুৱাই ভিডিঅ’ আপলোড কৰিছিল, যিয়েই হয়তো চোৰক এই অপৰাধ কৰিবলৈ বাট দেখুৱালে।

শনিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত এই চুৰিকাণ্ড সংঘটিত হয়। পৰিয়ালৰ লোকসকল শুই থকা অৱস্থাত চোৰৰ দলটোৱে তেওঁলোকক এটা কোঠাত বাহিৰৰ পৰা তলা মাৰি আৱদ্ধ কৰি ৰাখে। তাৰ পিছত চোৰে ঘৰৰ পৰা সোণ আৰু ৰূপৰ আ-অলংকাৰ, নগদ ধন আৰু আনকি এবাকচ এনাৰ্জি ড্ৰিংকছ লৈ যায়। চুৰি হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৮ ৰ পৰা ১০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। নিজৰ পৰিচয় লুকুৱাবলৈ চোৰে এডাল লাঠীৰে চিচিটিভি কেমেৰাৰ দিশ সলনি কৰি দিছিল। পুৱা ৪ বজাত সাৰ পাই পৰিয়ালটোৱে নিজকে আৱদ্ধ অৱস্থাত দেখি আত্মীয়ক খবৰ দিয়ে আৰু আত্মীয়ই আহি দুৱাৰ খুলি তেওঁলোকক উদ্ধাৰ কৰে।

Apply Now

আৰক্ষীয়ে বৰ্তমান চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, চোৰ হয়তো একেখন গাঁৱৰ বা ওচৰৰ কোনো লোক হ’ব পাৰে, যি পৰিয়ালটোৰ বিষয়ে আগৰ পৰাই অৱগত আছিল। ৰচনাৰ ছ’চিয়েল মিডিয়াত এক লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। শেহতীয়াকৈ তেওঁ নিজৰ ঘৰ, আ-অলংকাৰ আৰু নগদ ধন মেজৰ ওপৰত সজাই এটা ভিডিঅ’ আপলোড কৰিছিল, য’ত ঘৰৰ প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি কোঠালৈকে সকলো দেখুওৱা হৈছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে চোৰে এই ভিডিঅ’বোৰ চাই ঘৰৰ ভিতৰৰ অৱস্থা, সম্পত্তি আৰু নিৰাপত্তাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। ছ’চিয়েল মিডিয়াত নিজৰ সম্পত্তি আৰু ঘৰৰ ভিতৰৰ দৃশ্য প্ৰদৰ্শন কৰাটোৱে কেনেদৰে বিপদ মাতিব পাৰে, এই ঘটনাই সকলোৰে বাবে এক ডাঙৰ সতৰ্কবাণী কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd