উত্তৰাখণ্ডৰ হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহীৰ ১০ গৰাকীৰ মৃতদেহ উদ্ধাৰ: এতিয়াও নিখোঁজ ১১ গৰাকী

10 Mountaineers Killed In Uttarakhand

উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনৰ ফলত আৱদ্ধ হৈ থকা ২১ গৰাকী প্ৰশিক্ষাৰ্থী পৰ্বাতাৰোহীৰে ১০ গৰাকীৰ মৃত্যু হৈছে। প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰা উত্তৰ কাশীৰ নেহৰু মাউন্টেনিয়াৰিং ইনষ্টিটিউটৰ মুৰব্বী গৰাকীয়ে শেহতীয়া এই খবৰ সদৰী কৰিছে।

উদ্ধাৰ অভিযান চলাই থকা অভিযানকাৰী গোটৰ সদস্যসকলে এতিয়ালৈকে আঠগৰাকী প্ৰশিক্ষাৰ্থীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে। আনহাতে এতিয়াও হিমস্খলনৰ ফলত নিখোঁজ হোৱা ১১ গৰাকী প্ৰশিক্ষাৰ্থীৰ সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

উত্তৰাখণ্ডৰ আৰক্ষী মুৰব্বী অশোক কুমাৰে উদ্ধাৰ অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰে উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে।

উল্লেখ্য যে হিমস্খলনৰ ফলত পৰ্বতমালাত ২৯ গৰাকী পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থী আৱদ্ধ হৈ পৰিছিল যদিও ইয়াৰে আঠগৰাকীক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। আনহাতে আৱদ্ধ আন প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি স্থানীয় প্ৰশাসনিক বিষয়াই জানিবলৈ দিছে।

হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকল উত্তৰ কাশীৰ নেহৰু মাউন্টেনিয়াৰিং ইনষ্টিটিউটৰ পৰা পৰ্বতাৰোহণৰ বাবে দণ্ডা-২ পৰ্বত শৃংগত উপস্থিত হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি প্ৰশিক্ষাৰ্থীসকলৰ দলটো আজি পুৱা প্ৰায় ৯ বজাত ১৬,০০০ ফুট উচ্চতাত হিমস্খলনত আৱদ্ধ হৈ পৰিছিল। এতিয়ালৈকে উদ্ধাৰ কৰা প্ৰশিক্ষাৰ্থীসকলক শৃংগৰ ১৩,০০০ ফুট উচ্চতাত থকা হেলিপেডলৈ নিয়াৰ পিছত তাৰ পৰা ডেৰাডুনলৈ লৈ যোৱা হয়।

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ উদ্ধাৰকাৰী দলে এই অভিযানত অংশ লৈছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে যোগাযোগ কৰি সেনাৰ সহায়ৰ বাবে আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰই প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিয়ে বুলিও তেওঁ লগতে উল্লেখ কৰে।