• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! মহাৰাষ্ট্ৰৰ হাস্পাতলত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাত দেৱশিশুৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 9:34 am

2 min read

WhatsApp Image 2021-01-09 at 9.12.19 AM

ফটো সৌজন্য: দ্য কুইন্ট।

107
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ এখন হাস্পাতলত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ১০টি নৱজাত দেৱশিশুৰ মৃত্যু ঘটিছে। শিশুকেইটিৰ বয়স এক মাহৰ পৰা তিনিমাহৰ ভিতৰত আছিল।

হাস্পাতলৰ সূত্ৰই জানিবলৈ দিয়া মতে সাতটি শিশুক উদ্ধাৰ কৰা হৈছে।

বিদৰ্ভ অঞ্চলৰ ভাণ্ডাৰাৰ চিভিল চাৰ্জনগৰাকীয়ে জানিবলৈ দিছে যে যোৱা নিশা ভাণ্ডাৰাৰ জিলা হাস্পাতলৰ শিশু বিভাগ (ছিক নিউব’ৰ্ণ কেয়াৰ য়ুনিট)ত অগ্নিকাণ্ডটো সংঘটিত হয়।

ইয়াত ১৭টি শিশুৰ চিকিৎসা চলি আছিল। নিশা ডেৰ বজাত এগৰাকী নাৰ্চে প্ৰথমতে সেই বিভাগটোৰ পৰা ধোঁৱা ওলোৱা দেখা পায়।

নাৰ্চগৰাকীয়ে শীঘ্ৰেই হাস্পাতলৰ কৰ্মী তথা চিকিৎসকসকলক খৱৰ দিয়ে। তাৎক্ষণিকভাৱে হাস্পাতলৰ কৰ্মীসকলে অগ্নিনিৰ্বাপক যন্ত্ৰৰে জুই নুমুৱাবৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

বিভাগটোৰ পৰা ওলোৱা ক’লা ধোঁৱাই ছানি ধৰে। ইতিমধ্যে খৱৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।

তেওঁলোকে সাতটি শিশুক উদ্ধাৰ কৰে যদিও বাকীকেইটি শিশুক উদ্ধাৰ কৰিব পৰা নাই। মুঠতে ১০টি শিশুৰ মৃত্যু ঘটিছে।

মৃত শিশুকেইটিৰ অভিভাৱকসকলক অগ্নিকাণ্ডৰ বিষয়ে জনোৱা হৈছে। যি সাতটি শিশুক উদ্ধাৰ কৰা হৈছে সেইকেইটিক আন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হৈছে।

সুৰক্ষাৰ বাবে আইচিয়ু ৱাৰ্ড, ডায়েলেছিছ উইং আৰু লেবাৰ ৱাৰ্ডৰ ৰোগীসকলকো আনা স্থানলৈ লৈ যোৱা হৈছে।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বট ছাৰ্কিটৰ বাবেই জুঁই লগাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd