• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপাৰেচন সিন্দুৰত ১০০ শতাংশ আকাশ আছিল ভাৰতৰ দখলত : চুইছ গৱেষণাত পোহৰলৈ আহিছে নতুন  তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 5:49 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৰ্ষৰ মে মাহত ভাৰতে চলোৱা অপাৰেচন সিন্দুৰ অভিযানে দক্ষিণ এছিয়াৰ আকাশী যুদ্ধৰ ভাৰসাম্য সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। চুইজাৰলেণ্ডৰ এটা আগশাৰীৰ সামৰিক ইতিহাস আৰু কৌশল গৱেষণা সংস্থা চিএইচপিএমে নিজৰ শেহতীয়া প্ৰতিবেদনত এই চাঞ্চল্যকৰ দাবী কৰিছে।

তেওঁলোকৰ বিশ্লেষণ অনুসৰি চাৰিদিনীয়া তীব্ৰ সংঘাতৰ অন্তত আকাশমাৰ্গত ভাৰতে ১০০ শতাংশ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল যাৰ ফলত পাকিস্তান যুদ্ধবিৰতিৰ বাবে বাধ্য হৈছিল। সামৰিক ইতিহাসবিদ আদ্ৰিয়ান ফঁতানেল্লাজে লিখা এই প্ৰতিবেদনখনত ২০২৫ চনৰ ৭ মে’ৰ পৰা ১০ মে’লৈ চলি থকা ৮৮ ঘণ্টাৰ ভাৰত-পাকিস্তান আকাশী যুদ্ধৰ এক বিতং আৰু নিৰপেক্ষ বিশ্লেষণ আগবঢ়োৱা হৈছে।

Apply Now

পহেলগামত পৰ্যটকৰ ওপৰত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। নতুন দিল্লীৰ মতে এই আক্ৰমণৰ আঁৰত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ হাত আছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বায়ুসেনাই ৭ মে’ৰ পুৱতি নিশা জইশ-ই-মহম্মদ আৰু লস্কৰ-ই-তইবাৰ বাহাৱালপুৰ আৰু মুৰিডকেত থকা গুৰুত্বপূৰ্ণ ঘাটিত আক্ৰমণ চলায়। দীৰ্ঘ দূৰত্বৰ লক্ষ্যভেদী অস্ত্ৰৰে চলোৱা এই আক্ৰমণত সন্ত্ৰাসবাদীৰ কেইবাটাও ভৱন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। যদিও আৰম্ভণিতে ভাৰতৰ এটা ৰাফেল যুদ্ধবিমান ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ চৰ্চালৈ আহিছিল আৰু পাকিস্তানে সেইটোক লৈ প্ৰচাৰ চলাইছিল কিন্তু চুইচ প্ৰতিবেদনৰ মতে সেইটোৱে অভিযানৰ প্ৰকৃত ফলাফলক লুকুৱাব পৰা নাছিল।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰথম পৰ্যায়ৰ পাছতেই ভাৰতে অতি সুপৰিকল্পিতভাৱে পাকিস্তানৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা অকামিলা কৰাৰ অভিযান আৰম্ভ কৰে। ভাৰতে ব্ৰহ্মোচ আৰু স্কাল্পৰ দৰে শক্তিশালী মিছাইল ব্যৱহাৰ কৰি পাকিস্তানৰ ৰাডাৰ আৰু চাৰ্ফেচ-টু-এয়াৰ মিছাইল নেটৱৰ্কসমূহ এটা এটাকৈ ধ্বংস কৰি দিয়ে। পাকিস্তানৰ আকাশী সুৰক্ষা দুৰ্বল হোৱাৰ পাছত ভাৰতে তেওঁলোকৰ মুখ্য বিমানঘাটিসমূহৰ ৰানৱে আৰু অন্যান্য আন্তঃগাঁথনিত ধাৰাবাহিক আক্ৰমণ চলায়। ইয়াৰ ফলত পাকিস্তানৰ বায়ুসেনাৰ যুঁজাৰু ক্ষমতা একেবাৰে হ্ৰাস পায় আৰু তেওঁলোক আকাশত তিষ্ঠি থকাটো অসম্ভৱ হৈ পৰে।

ভাৰতৰ এই সফলতাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ আছিল আকাশত থকা প্ৰতিৰক্ষা আৰু কমাণ্ড ব্যৱস্থাৰ সঠিক সমন্বয়। ভাৰতৰ এছ-৪০০, আকাশ আৰু বাৰাক-৮ মিছাইল ব্যৱস্থাই পাকিস্তানৰ প্ৰতিটো প্ৰত্যাক্ৰমণক বিফল কৰি দিছিল। ১০ মে’ৰ ভিতৰত পৰিস্থিতি এনেকুৱা হৈছিল যে আকাশমাৰ্গত ভাৰতে একছত্ৰী আধিপত্য বিস্তাৰ কৰিছিল আৰু ভাৰতে নিজৰ চৰ্ত অনুসৰি যুদ্ধ বন্ধ কৰিবলৈ ইছলামাবাদক বাধ্য কৰিছিল।

চুইচ বিশ্লেষকসকলৰ মতে এই অভিযানে প্ৰমাণ কৰি দিলে যে ভাৰতে এতিয়া সন্ত্ৰাসবাদী আক্ৰমণক কেৱল এটা বিচ্ছিন্ন ঘটনা হিচাপে নলৈ ইয়াৰ আঁৰত থকা শক্তিৰ বিৰুদ্ধে অধিক তীব্ৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু।

সামৰিক সফলতাৰ উপৰিও অপাৰেচন সিন্দুৰ ভাৰতৰ কৌশলগত নীতিত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। এতিয়াৰ পৰা পাকিস্তান ভিত্তিক যিকোনো আক্ৰমণক ৰাষ্ট্ৰীয় কাঠামৰ সৈতে জড়িত বুলি গণ্য কৰা হ’ব আৰু ইয়াৰ প্ৰতিক্ৰিয়াও হ’ব অতি দ্ৰুত আৰু ভয়াৱহ। সৰ্বমুঠ চাবলৈ গ’লে যদিও প্ৰথম নিশা পাকিস্তানে কিছু সফলতা পোৱা বুলি দাবী কৰিছিল কিন্তু শেষত আকাশী যুদ্ধৰ বিজয়ী হিচাপে ভাৰতহে আত্মপ্ৰকাশ কৰিলে বুলি চুইচ গৱেষণা সংস্থাটোৱে মত পোষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd