NORTHEAST NOW (Assamese)

সক্ৰিয় ৰোগীতকৈ দুগুণলৈ বৃদ্ধি অসমত ক’ভিড আৰোগী

July 11, 2020 11:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

৫৭৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত শনিবাৰে সক্ৰিয় ৰোগীতকৈ আৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।

শনিবাৰৰ দিনটোতে অসমত ক’ভিড আৰোগীৰ সংখ্যাই দহ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত বৰ্তমান ৫০৭২গৰাকী সক্ৰিয় ৰোগীৰ বিপৰীতে আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ১০,৪২৬গৰাকী।

নতুনকৈ আৰোগ্য লাভ কৰা সকলোকে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ১৫,৫৩৬গৰাকী।

ইয়াৰে ৩৫গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News