• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 8:31 pm
229
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ঐতিহাসিক লং মাৰ্চৰ শেষৰগৰাকী জীৱিত সৈনিক ৱাং কুৱানয়িঙে ১০৫ বছৰ বয়সত ভৰি দিলে। যোৱা ২৫ জুনত চিচুৱান প্ৰদেশত তেওঁৰ জন্মদিন অতি ধুমধামেৰে উদযাপন কৰা হয়। এই বছৰটো হৈছে চীনৰ লং মাৰ্চ বিজয়ৰ ৯০ সংখ্যক বৰ্ষপূৰ্তি। এই বিশেষ ক্ষণত শতায়ু গৰকা এই বীৰ সৈনিকগৰাকীক শ্ৰদ্ধা জনাবলৈ পিপলছ লিবাৰেচন আৰ্মীৰ এদল তৰুণ সেনা চিচুৱানৰ ডুজিয়াংয়ানত থকা তেওঁৰ ঘৰত উপস্থিত হয়হি।

হুইলচেয়াৰত বহি থকা অৱস্থাত তেওঁৰ গাত আছিল ৰেড আৰ্মীৰ সেই পুৰণি জলফাই ৰঙৰ পোছাক আৰু মূৰত ৰঙা তৰা থকা টুপী। ১০৫ বছৰীয়া এই বৃদ্ধাগৰাকীয়ে যেতিয়া তৰুণ সেনাসকলৰ আগত কঁপি থকা হাতেৰে কপালত হাত থৈ কুৰ্নিচ জনায়, তেতিয়া কোঠাটোৰ পৰিৱেশ অতি আৱেগিক হৈ পৰে। নিজৰ পুৰণি পোছাকযোৰত হাত বুলাই আৰু বেটেলিয়ানৰ পতাকাখনলৈ চাই শ্ৰদ্ধা জনোৱাৰ সময়ত তেওঁৰ চকুদুটা যেন প্ৰায় এশ বছৰৰ আগৰ সেই সংগ্ৰামী দিনবোৰলৈ উভতি গৈছিল।

Apply Now

জন্মদিন উপলক্ষে এই প্ৰবীণ যোদ্ধাগৰাকীৰ হাতত এক বিশেষ উপহাৰ তুলি দিয়া হয়। নেচনেল ইউনিভাৰ্চিটি অৱ ডিফেন্স টেকনলজি আৰু কমিউনিকেচন ইউনিভাৰ্চিটি অৱ ঝেজিয়াঙৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে মিলি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৱাঙৰ কিশোৰী বয়সৰ দুখন সুন্দৰ ছৱি তৈয়াৰ কৰিছিল। ইয়াৰে এখনত দেখা গৈছে ১৯৩৫ চনত মাত্ৰ ১৪ বছৰ বয়সত যেতিয়া তেওঁ ৰেড আৰ্মীত যোগদান কৰিছিল, সেই সময়ৰ চেহেৰা। আনখন তাৰ ঠিক দুবছৰৰ পাছৰ, যেতিয়া লং মাৰ্চৰ কঠিন পথ অতিক্ৰম কৰিবলৈ গৈ ১৬ বছৰ বয়সত তেওঁ দলৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। নিজৰ সেই হেৰাই যোৱা চিনাকি মুখ দুখন দেখি বৃদ্ধাগৰাকী আৱেগত উথলি উঠে আৰু মুখত এক নিৰ্মল হাঁহিৰে লাহেকৈ বুঢ়া আঙুলিটো দেখুৱায়।

১৯২১ চনত চিচুৱান প্ৰদেশৰ জিনচুৱান কাউণ্টিত জন্মগ্ৰহণ কৰা ৱাং কুৱানয়িঙে মাত্ৰ ১৪ বছৰ বয়সতে দেশ আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰেড আৰ্মীত নামভৰ্তি কৰিছিল। তেওঁ ফোৰ্থ ফ্ৰণ্ট আৰ্মীৰ নাৰ্ছ আৰু সহায়ক হিচাপে কাম আৰম্ভ কৰে। চিয়াং কাই-শেকৰ নেতৃত্বাধীন বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ কমিউনিষ্টসকলৰ সেই ঐতিহাসিক ১০ হেজাৰ কিলোমিটাৰৰ দীঘলীয়া আৰু দুৰ্গম যাত্ৰাত তেৱোঁ অংশগ্ৰহণ কৰিছিল। সেই যাত্ৰাপথত তেওঁলোকে ১৮ খন পৰ্বতমালা আৰু ২৪ খন ঢৌখেলা নদী পাৰ হ’বলগীয়া হৈছিল। বৰফেৰে আবৃত পাহাৰ পাৰ হোৱাৰ সময়ত প্ৰচণ্ড শীতৰ বাবে তেওঁৰ হাত-ভৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ পাছত ১৯৩৬ চনত এক সামৰিক অভিযানৰ সময়ত তেওঁ নিজৰ দলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

দলৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত চিচুৱানৰ ৱেনচুৱানলৈ আহি তেওঁ সাধাৰণ মানুহৰ লগত মিলি যায়। আন দহজন সাধাৰণ মানুহৰ দৰেই তেওঁৰ দিনবোৰ পাৰ হ’বলৈ ধৰে। সুদীৰ্ঘ কেইবাটাও দশক ধৰি তেওঁ কাকো জানিবলৈ দিয়া নাছিল যে তেওঁ এসময়ৰ সেই ঐতিহাসিক লং মাৰ্চৰ এগৰাকী সংগ্ৰামী সৈনিক আছিল। অৱশেষত ঘটনাৰ প্ৰায় ৪৮ বছৰৰ পাছত, ১৯৮৪ চনত চৰকাৰীভাৱে তেওঁৰ পৰিচয় প্ৰমাণ কৰা হয় আৰু তেওঁক প্ৰবীণ সৈনিকৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয়।

আজি যেতিয়া চীনৰ লং মাৰ্চৰ আন কোনো সাক্ষী জীৱিত নাই, তেতিয়া ১০৫ বছৰ বয়সীয়া ৱাং কুৱানয়িং এক জীৱন্ত ইতিহাস হৈ ৰৈছে। তেওঁৰ এই জন্মদিন কেৱল এটা সংখ্যাৰ উদযাপন নহয়, বৰঞ্চ এক অদম্য যুঁজ আৰু সহনশীলতাৰ ইতিহাসৰ প্ৰতি জনোৱা এক গভীৰ শ্ৰদ্ধাঞ্জলি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd