• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আপৰ আহ্বান : ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰা চৰকাৰৰ দিনতে অচল ১০৮ সেৱা- ৰাজীৱ শইকীয়া

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 15, 2024 8:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্যৰ দাবীৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে আম আদমী পাৰ্টিয়ে। আজি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে এম্বুলেঞ্চ সেৱাৰ সৈতে জড়িত এই কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে।

আপৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই কয়, ” যিখন চৰকাৰে মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ বিভিন্নধৰণৰ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰিছে, সেইখন চৰকাৰে চৰকাৰী খণ্ডত এম্বুলেঞ্চ সেৱা সুকলমে চলাব পৰা নাই। এয়া লজ্জাজনক কথা। আমি আম আদমী পাৰ্টিৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১০৮ মৃত্যুঞ্জয় সেৱা যাতে বন্ধ নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাওঁ । চৰকাৰলৈ আমাৰ প্ৰশ্ন- এম্বুলেঞ্চৰ টায়াৰ ৰিপেয়াৰিং কৰিব নোৱৰা বা তেল ভৰাব নোৱৰা চৰকাৰে নাগৰিকৰ স্বাস্থ্যৰ অধিকাৰ কিদৰে সুনিশ্চিত কৰিব?

ঋণৰ পুঁজিৰে অনাহকত বিভিন্ন আঁচনি মুকলি কৰা চৰকাৰে স্বাস্থ্য সেৱাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত উদাসীনতা প্ৰদৰ্শন কৰাটো কল্যাণকামী চৰকাৰৰ বাবে চৰম দায়িত্বহীনতাৰ পৰিচায়ক। তদুপৰি মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীও চৰকাৰে পূৰণ কৰা উচিত। ” উল্লেখ্য যে ৰাজ্যখনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতে আৰম্ভ হোৱা ১০৮ মৃত্যুঞ্জয় সেৱা বৰ্তমান বগা হাতীত পৰিণত হৈছে। প্ৰায় ২০০ খন এম্বুলেঞ্চ প্ৰয়োজনীয় কৰ্মচাৰী আৰু পুঁজিৰ যোগান লাভ নকৰাৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছে। এনে অৱস্থাৰ পৰা উদ্ধাৰৰ বাট বিচাৰি কৰ্মচাৰী সকলে প্ৰতিবাদৰ পথ গ্ৰহণ কৰিছে। আপৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই চৰকাৰৰ সংশ্লিষ্ট বিভাগক ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সকলৰ বুজ লৈ শীঘ্ৰেই সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd