সদৌ অসম ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী সন্থাই আজি গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী সন্থাই ১০৮ মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত ইমটি, ইআৰঅ’ আৰু পাইলট সকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ গুৱাহাটী ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অসমত ১০৮ মৃত্যুঞ্জয় সেৱা স্থায়ী কৰণৰ লগতে এই সেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে দৰমহা বৃদ্ধি আদি প্ৰসংগ উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে চৰকাৰলৈ স্মৰকপত্ৰখন প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সময়ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে সেয়েহে তেওঁলোকৰ কথাও চৰকাৰে এবাৰ ভাবিব লাগে বুলি প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।