NORTHEAST NOW (Assamese)

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ১১ জন লোকক ভৰ্তি

April 5, 2020 7:02 pm · দীপক কুমাৰ পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

কোভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।

ইতিমধ্যে বিহাৰৰ পাটনাৰ পৰা চিকিৎসা কৰি ঘৰলৈ আহি থকা সময়ত নাগ্ৰীজুলিৰ লাউপাৰা গাঁৱৰ এটি পৰিয়ালৰ পাঁচগৰাকী সদস্যক ১ এপ্ৰিলত মুছলপুৰৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ দুদিন পিছত অৰ্থাৎ ৪ এপ্ৰিলত তেওঁলোকক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ কোৱাৰেণ্টাইনৰ বাবে অনা হয়।

ইয়াৰ উপৰি তামুলপুৰ মহকুমাৰ শুক্লাই অঞ্চলত শ্ৰমিক হিচাপে কাম কৰি থকা উত্তৰ প্ৰদেশৰ ছগৰাকী শ্ৰমিককো বাক্সা জিলাৰ মুছলপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত আজি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱ্স্থা কৰে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আজিলৈ মুঠ ১১ গৰাকী লোকক কোৱাৰেণ্টাইন কৰা বুলি জানিব দিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে।

আজি তামুলপুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া তন্ময় বৰা আৰু বাক্সা জিলা যক্ষ্মা ৰোগ বিষয়া গৰাকীয়ে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ কোৱাৰেণ্টাইন কৰি ৰখা ব্যক্তি সকলৰ স্বাস্থ্যৰ বুজ লয়।

ইপিনে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে জানিবলৈ দিয়া মতে চিকিৎসালয়খনক কোৱাৰেণ্টাইন চিকিৎসালয় হিচাপে গঢ় দিয়া হৈছে যদিও চিকিৎসক, নাৰ্চ আৰু চিকিৎসালয়খনৰ স্বাস্থ্য কৰ্মী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আৱশ্যকীয় সা-সঁজুলি, এন-৯৫ মাস্ক বা চেনিটাইজাৰ পৰ্যাপ্ত পৰিমাণৰ নাই।

আনহাতে চিকিৎসালয়খনত স্থায়ী চাফাই কৰ্মী নথকা হেতুকে সঠিকভাৱে পৰিষ্কাৰ-পৰিচন্নকৈ ৰোগী সকলক ৰখাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছে বুলিও অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰিছে। সেয়ে এই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাঃ দাসে অনুৰোধ জনাইছে।

Related News