• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নভঙাকৈ স্থানান্তৰিত হ’ব পুৰণিগুদামৰ ১১২ বছৰীয়া সু-উচ্চ ঐতিহাসিক মছজিদৰ ‘মিনাৰ’

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 13, 2019 1:06 pm
Puranigudam Minar

ফটো : নৰ্থ-ইষ্ট নাও

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু-মুছলমানৰ জাউতিযুগীয়া সম্প্ৰীতিৰ ধ্বজাবাহক হিচাবে গৌৰৱময় ইতিহাস সামৰি আজিও শিৰ উচ্চ কৰি নগাঁও জিলাৰ পুৰণিগুদামৰ ন আলিমুৰৰ বৰ মছজিদত ঠিয় হৈ আছে শত বছৰ গৰকা সুউচ্চ মিনাৰটো।

১৯০৯ চনতে স্থানীয় এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ আৰ্থিক সাহায্যৰে বাংলাদেশৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীয়ে কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটোৱে বৃহত্তৰ পুৰণিগুদামবাসীৰ মাজত থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চানেকি বছৰ-বছৰ ধৰি বহন কৰি আহিছিল যদিও শেহতীয়াকৈ মিনাৰটোৰ সমীপৰে পাৰহৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনলৈ সম্প্ৰসাৰণ কৰিবলৈ লোৱাত চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছিল ঐতিহাসিক মিনাৰটোলৈ।

Apply Now

নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদৰ বাবে চৰকাৰী বিভাগে জাননী জাৰি কৰাৰ পিছত ১১২টা বছৰ গৰকা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় হিন্দু-মুছলমান উভয় সমাজ চিন্তিত হৈ পৰিছিল। চৰকাৰী পক্ষৰ নিৰ্লিপ্ততাৰ বাবেই নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল বৰমছজিদৰ স্থাপত্য কলাৰ নিদৰ্শন স্বৰূপ পকী মিনাৰটো।

কিন্তু সকলো চিন্তিত হৈ থকা সময়তে ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰ এজন উদীয়মান কাৰিকৰী যুৱক। উজনিৰ পৰা নামনিলৈ যাওঁতে ৰাজপথৰ দাঁতিতে সততে প্ৰত্যক্ষ কৰা মিনাৰটো নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটা বুলি ফেচবুকৰ জৰিয়তে জানিব পাৰি বিনামূলীয়াকৈ অক্ষত অৱস্থাত নিৰাপদে আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ ৱাকিল আহমেদ নামৰ কাৰিকৰী দিশত বিচক্ষণ যুৱকজন।

বিশেষ থলুৱা প্ৰযুক্তিৰে সু-উচ্চ মিনাৰটোক দাঙি আনি প্ৰায় ৬০ ফুট আঁতৰত পুনঃসংস্থাপন কৰাটো অসমৰ ইতিহাসত সম্ভৱত প্ৰথম হ’ব বুলি জানিবলৈ দিয়ে যুৱকজনে। ইফালে ৱাকিল আহমেদৰ নেতৃত্বত ইতিমধ্যেই মিনাৰ স্থানান্তৰকৰণৰ কাম বৰমছজিদৰ চৌহদত ক্ষীপ্ৰতাৰে আৰম্ভও হৈছে।

যুৱকজনৰ মতে সকলো ঠিকে থাকিলে মাত্ৰ ৬০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব সমগ্ৰ স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া।

উল্লেখ্য যে, কেৱল ৰাজ্যতে নহয় দেশৰ ভিতৰতে পূৰ্বতে নোহোৱা এই কাৰ্যটো যাতে সুকলমে সমাপন কৰিব পৰা যায় তাৰ বাবে এতিয়া নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সমূহ অসমবাসীৰ পৰা আশীষ বিচাৰিছে বৃহত্তৰ পুৰণিগুদামৰ হিন্দু-মুছলমান উভয় সমাজে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd