• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 7:14 pm
133
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক ডাঙৰ সফলতা লাভ কৰি প্ৰশাসনে বিহাৰৰ সমস্তিপুৰ জিলাৰ পৰা অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ কৰিছে। এই যুৱক-যুৱতীসকলক তাত কামৰ নামত শোষণ কৰি আৱদ্ধ কৰি ৰখা হৈছিল। বৃহস্পতিবাৰে পুৱতি নিশা চলোৱা এক অভিযানত এই সফলতা লাভ কৰা হয় আৰু ইয়াৰ লগতে এই চক্ৰটো চলাই থকা ৯ জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।

নেচনেল হিউমেন ৰাইটচ কমিচন অৰ্থাৎ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তত্ত্বাৱধানত মিছন মুক্তি ফাউণ্ডেশ্যন আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিয়ে যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলাইছিল। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত ৪৮ গৰাকী যুৱতী আৰু ৬৭ গৰাকী যুৱক আছে, যাৰ ভিতৰত বহুতো নাবালক বুলি সন্দেহ কৰা হৈছে।

Apply Now

প্ৰাথমিক তদন্তৰ পৰা জনা গৈছে যে সৰবৰাহকাৰীসকলে অসমৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক লক্ষ্য কৰি লৈছিল। বিশেষকৈ তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল আৰু ইয়াৰ কাষৰীয়া ঠাইবোৰৰ পৰা যুৱক-যুৱতীসকলক ফুচুলোৱা হৈছিল। তেওঁলোকক কৃষি বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু চাকৰিৰ প্ৰক্ৰিয়াকৰণ ফী বা আবেদনৰ মাচুল হিচাপে টকাও লোৱা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি চাকৰি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বিহাৰলৈ লৈ যোৱা হৈছিল আৰু এটা ভুৱা কল চেণ্টাৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছিল। তামুলপুৰ, ভৈৰৱকুণ্ড, ওদালগুৰি জিলাৰ ডিমাকুছি, বিশ্বনাথ চাৰিআলি, ডুমডুমা আৰু মঙলদৈৰ যুৱক-যুৱতীসকলক সমস্তিপুৰত উপস্থিত হোৱাৰ পিছত অতি দুৰ্বিষহ পৰিস্থিতিত কাম কৰিবলৈ বাধ্য কৰা হৈছিল।

তদন্তকাৰীসকলে প্ৰকাশ কৰিছে যে উদ্ধাৰ হোৱা লোকসকলক সদায় চোৰাং চকুৰ তলত আৰু কঠোৰ বাধা-নিষেধৰ মাজত ৰখা হৈছিল। বহু ল’ৰা-ছোৱালীক নিশা কোঠাৰ ভিতৰত তলা মাৰি থোৱা হৈছিল আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হোৱা নাছিল। যিসকলে এই কামৰ ওপৰত প্ৰশ্ন তুলিছিল বা ঘৰলৈ ঘূৰি যাবলৈ বিচাৰিছিল, তেওঁলোকক ভাবুকি দিয়া হৈছিল, মাৰপিট কৰা হৈছিল আৰু মজুৰিৰ পৰাও বঞ্চিত কৰা হৈছিল। তেওঁলোকক চৰকাৰী চাকৰিৰ সলনি ভুৱা নেটৱৰ্ক মাৰ্কেটিং আৰু অন্যান্য শোষণমূলক কামত বাধ্য কৰা হৈছিল, যাক মানৱ অধিকাৰ কৰ্মীসকলে আধুনিক যুগৰ দাসত্ব বুলি অভিহিত কৰিছে। ইফালে একাংশ মহিলা আৰু নাবালিকা যৌন আতিশয্যৰ বলি হোৱাৰো আশংকা কৰা হৈছে, কাৰণ তেওঁলোকক মনে মনে ফটো আৰু ভিডিঅ’ৰ জৰিয়তে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এজন ভুক্তভোগীয়ে কোনোমতে অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে কৰ্তৃপক্ষক খবৰ দিয়াত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছত এজন উদ্ধাৰকাৰীয়ে গ্ৰাহক সজি এই চক্ৰটোৰ ভিতৰত সোমাই গুপুত তথ্য সংগ্ৰহ কৰে আৰু এছ এছ বিয়ে সঠিক পৰিকল্পনাৰে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰে। মানৱ অধিকাৰ গোটসমূহে সতৰ্ক কৰি দিছে যে এই ঘটনাই সমগ্ৰ অঞ্চলটোত চলি থকা মানৱ সৰবৰাহৰ এক ডাঙৰ সংকটক প্ৰতিফলিত কৰিছে। দৰিদ্ৰতা, নিবনুৱা সমস্যা, সচেতনতাৰ অভাৱ আৰু ভাল চাকৰিৰ মিছা প্ৰতিশ্ৰুতিৰ বাবেই যুৱ প্ৰজন্ম অতি সহজে এই অপৰাধী চক্ৰবোৰৰ চিকাৰ হৈ পৰে। এই উদ্ধাৰে শতাধিক পৰিয়াললৈ সকাহ আনিছে যদিও কৰ্মীসকলে কয় যে অনাগত দিনত এইসকল যুৱক-যুৱতীৰ পুনৰ্সংস্থাপন, মানসিক পৰামৰ্শ আৰু দীৰ্ঘম্যাদী সহায়ৰ অতি প্ৰয়োজন হ’ব। আৰক্ষী আৰু প্ৰশাসনে এতিয়া এই চক্ৰৰ সৈতে জড়িত অন্যান্য সৰবৰাহকাৰী বিচাৰি তদন্ত অধিক জোৰদাৰ কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd