আৰাকানত ম্যানমাৰৰ সামৰিক শাসকৰ এক মৰ্মান্তিক বিমান আক্ৰমণত ১১৬ জনতকৈ অধিক যুদ্ধবন্দীৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰাকান সেনাই অভিযোগ কৰিছে যে তেওঁলোকৰ এটা যুদ্ধবন্দী শিবিৰক লক্ষ্য কৰি সন্ত্ৰাসবাদী সামৰিক বাহিনীয়ে এই মাৰাত্মক আক্ৰমণ চলাইছে। শেহতীয়া এই ঘটনাই ম্যানমাৰৰ গৃহযুদ্ধৰ বিভীষিকাক পুনৰ এবাৰ প্ৰকট কৰি তুলিছে।
আৰাকান সেনাৰ বাতৰি আৰু তথ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২৬ চনৰ ৮ মাৰ্চত এন টাউনশ্বিপৰ ডাৰ লেট চাউং অঞ্চলত এই ভয়াবহ আক্ৰমণ সংঘটিত হৈছিল। সেইদিনা পুৱা প্ৰায় ১১ বজাৰ পৰা দুপৰীয়া ২:৩০ বজালৈকে সামৰিক জুন্টাই চাৰিখন জেট যুঁজাৰু বিমান আৰু চাৰিখন ৱাই-১২ বিমান ব্যৱহাৰ কৰি অবিৰতভাৱে বোমা বৰ্ষণ কৰিছিল। প্ৰায় তিনি ঘণ্টাৰো অধিক সময় ধৰি চলা এই আক্ৰমণত বন্দী শিবিৰটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
আৰাকান সেনাই প্ৰকাশ কৰা অনুসৰি এই আকাশী আক্ৰমণত ১১৬ জন যুদ্ধবন্দীৰ থিতাতে মৃত্যু হৈছে আৰু ৩২ জন গুৰুতৰভাৱে আহত হৈছে। এই হতাহতসকলৰ ভিতৰত কেৱল সামৰিক লোকেই নহয়, কেইবাজনো অসামৰিক বন্দীও আছিল বুলি নিশ্চিত কৰা হৈছে। এই আক্ৰমণত কেইবাজনো উচ্চ পদস্থ সামৰিক বিষয়াৰো মৃত্যু হৈছে। আন বহুতো লোকৰ অৱস্থা সংকটজনক বুলি জনোৱা হৈছে।
বৰ্তমানলৈকে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও মৃতকৰ সঠিক সংখ্যা নিৰূপণ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বহুতো মৃতদেহ ইমানেই বিকৃত হৈছে যে সেইবোৰ চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰিছে। বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু ধ্বংসস্তূপৰ মাজত কেৱল মানুহৰ শৰীৰৰ অংগহে সিঁচৰিত হৈ থকা দেখা গৈছে। আৰাকান সেনাই জানিবলৈ দিছে যে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাৰ অধিক সবিশেষ তথ্য ৰাজহুৱা কৰা হ’ব।





