দেশৰ কেইবাখনো ৰাজ্যত আজি ক’ৰ’নাতংকৰ মাজতে নিৰ্বাচনৰ ভোটগণনা চলি আছে।
দেশৰ বিভিন্ন ৰাজ্যত পিছে এতিয়াও শাম কটা নাই ক’ৰ’নাতংকৰ ।
দিল্লীত শেহতীয়াকৈ কালি পুনৰ ৭ দিনৰ বাবে লকডাউন বৃদ্ধি কৰাৰ পিছত আজি ওড়িশাই ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে।
ওড়িশা চৰকাৰে আজি ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰি এক নিৰ্দেশনা জাৰি কৰিছে। সেইমৰ্মে ৫ মে’ৰ পৰা ১৯ মে’ পৰ্যন্ত ৰাজ্য খনত লকডাউন বাহাল থাকিব।
লকডাউনৰ সময়ত সকলো চৰকাৰকী তথা বেচৰকাৰী যান-বাহনৰ চলাচল,ৰাজহুৱা পৰিবহন আদি বন্ধ খাকিব।সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান, কোচিং ইনষ্টিটিউট, বজাৰ-সমাৰ, চিনেমাহল আদি বন্ধ থাকিব।লকডাউনৰ সময়ত সকলো ধৰ্মীয় অনুষ্ঠান আদিও বন্ধ থাকিব।
ৰেছনৰ দোকান,মাছ-মাংসৰ দোকান,গেলামালৰ দোকান আদি পুৱা ৬ বজাৰ পৰা দুপৰীয়া বাৰ বজালৈ খোলা থাকিব।
ভেকচিনৰ কামত নিয়োজিত লোককে ধৰি স্বাস্থ্য সেৱা আৰু জৰুৰী সেৱা সমূহ খোলা থাকিব। খাদ্য বস্তুকে ধৰি আন সামগ্ৰীৰ ক্ষেত্ৰত ই-কমাৰ্চ চলি থাকিব।
বাতৰি কাকতৰ বিতৰণ পুৱা ৫ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত শেষ কৰিব লাগিব।
বিবাহ অনুষ্ঠান আদিত ৫০ গৰাকী লোক উপস্থিত থাকিব পাৰিব।এটিএম সেৱা খোলা থাকিব।