NORTHEAST NOW (Assamese)

অমৰনাথত ভয়াৱহ ডাৱৰ বিস্ফোৰণে প্ৰাণ ল’লে ১৫ জনৰ, ৪০ জনৰো অধিক লোক নিখোজ

July 9, 2022 6:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 9, 2022 1:35 am

যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ থকা জম্মু-কাশ্মীৰত আজি সংঘটিত হৈছে এক ভয়াৱহ ডাৱৰ বিস্ফোৰণ। উপত্যকাটোৰ অমৰনাথস্থিত পবিত্ৰ গুহা মন্দিৰৰ ওচৰত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

এই ভয়াৱহ দুৰ্যোগৰ ফলত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জনৰো অধিক লোক নিখোজ হৈ আছে বুলি জানিব পৰা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

ঘটনাৰ পাছতে আৰক্ষী আৰু অন্যান্য অসামৰিক প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ লগতে আন কেইবাটাও সংস্থাই এই উদ্ধাৰ অভিযানত যোগদান কৰিছে।

কিন্তু বেয়া বতৰ আৰু দুৰ্গম ভূখণ্ডৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হয় অভিযানকাৰী দলটো।

ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে জানিব পৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

ঘটনাসন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰি নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এক টুইট যোগে তেওঁ কয় যে উপ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে কথা পাতি তেওঁ পৰিস্থিতিৰ বুজ লৈছে। দুৰ্যোগত প্ৰভাৱিত লোকসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনক ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

 

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, চমুকৈ আইটিবিপিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে বৰষুণৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে।

বিপদৰ সম্ভাৱনীয়তালৈ লক্ষ্য কৰি অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ সদৰি কৰে। অৱশ্যে যদি বতৰ স্বাভাৱিক হৈ পৰে, তেতিয়া শনিবাৰে যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা আইটিবিপি- ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সেনাৰ হেলিকপ্টাৰ সমূহ ব্যৱহাৰ কৰা হৈছে আৰু ইতিমধ্যে উদ্ধাৰ কৰা সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে বেয়া বতৰৰ বাবে অমৰনাথ যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। ক’ভিদৰ বাবে বিগত ২ বছৰৰ বিৰতিৰ পিছত যোৱা ৩০ জুনৰ পৰা অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ হৈছিল।

Related News