ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰাৰ পূৰ্বে শিক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰয়োজনীয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনালে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে।
শুকুৰবাৰে কলিয়াবৰৰ ধনেখোৱাত অনুষ্ঠিত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনোৱাৰ সমান্তৰালকৈ শিক্ষক সমাজক আস্থা আৰু বিশ্বাসত লৈ নতুন শিক্ষা নীতি কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনালে ৰাজ্যিক প্ৰধান সম্পাদক গৰাকীয়ে।
লগতে ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰয়োজনীয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি শিক্ষক সকলক কেৱল শিক্ষাদানৰ লগতে জড়িত কৰি ৰাখিবলৈ আহ্বান জনায় সন্মিলনীৰ ৰাজ্যিক প্ৰধান সম্পাদক গৰাকীয়ে।
আনহাতে শিক্ষকসকলৰ অনলাইন উপস্থিতি প্ৰদানৰ বাবে ৰিমছ্ এপৰ পৰিৱৰ্তে চৰকাৰে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলিলে শিক্ষক সন্মীলনীয়ে।
কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত কলিয়াবৰৰ বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।