ফুটবলৰ জ্বৰ! একেলগে বিশ্বকাপ চোৱাৰ ইচ্ছাৰে ২৩ লাখ টকাৰে ঘৰ কিনি ল’লে ১৭ বন্ধুৱে

17 Fans Buy ₹ 23 Lakh House To Watch World Cup

কাটাৰত এতিয়া আন এক বিশ্ব যুদ্ধৰ ৰণদুন্দুভি। এই বিশ্ব যুদ্ধৰ বতাহে চুই গৈছে সমগ্ৰ বিশ্বৰ চুকে-কোণে। কালিৰ পৰা আৰম্ভ হোৱা এই ফুটবলৰ বিশ্বযুদ্ধৰ জোৱাৰে স্পৰ্শ কৰিছে ভাৰতবৰ্ষকো। ফুটবল প্ৰেমৰ তাড়নাত কোনোৱে টিকট ক্ৰয় স্বচক্ষুৰে বিশ্বকাপ চোৱাৰ বাবে যাত্ৰা কৰিছে, আন কোনোৱে আকৌ নিজৰ ঠাই সজাই তুলিছে প্ৰিয় ফুটবলাৰৰ পোষ্টাৰেৰে।

ফুটবলৰ এই লহৰৰ মাজতে ভাৰতীয় ফুটবলৰ প্ৰাণকেন্দ্ৰস্বৰূপ কেৰালাত দেখিবলৈ পোৱা গৈছে এক আকৰ্ষণীয় দৃশ্য। ৰাজ্যখনৰ ১৭ গৰাকী ফুটবল অনুৰাগী বন্ধুৱে বিশ্বকাপ উপভোগৰ বাবে লৈছে এক বিশেষ পদক্ষেপ।

কেৰালাৰ কোচিৰ মুণ্ডাক্কামুগাল গাঁৱ এই ১৭ গৰাকী লোকে একেলগে যাতে বিশ্বকাপৰ মেচসমূহ উপভোগ কৰিব পাৰে, তাৰ বাবে ২৩ লাখ টকাত এটা ঘৰ ক্ৰয় কৰি লৈছে।

ফুটবল অনুৰাগী এই বন্ধু কেইগৰাকীয়ে নতুনকৈ ক্ৰয় কৰা ঘৰটো বিশ্বকাপত অংশগ্ৰহণ কৰা ৩২ টা দলৰ পতাকাৰ লগতে ফুটবল তাৰকা লিঅ’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ প্ৰতিকৃতিৰে সজাই তুলিছে।

ফুটবলৰ তীব্ৰ সোৱাদ ল’ব পৰাকৈ ঘৰটোত এটা ডাঙৰ পৰ্দাৰ টেলিভিছনো স্থাপন কৰা হৈছে। এই ১৭ গৰাকী বন্ধুৰে এগৰাকীয়ে এই সন্দৰ্ভত কয়, “আমি ফিফা বিশ্বকাপ ২০২২ ৰ বাবে বিশেষ কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিলো। আমাৰ ১৭ জনেই এটা ঘৰ ২৩ লাখ টকাত ক্ৰয় কৰিছিলো আৰু বিশ্বকাপত ভাগ লোৱা দলৰ পতাকাৰে সজাইছিলো।”

উল্লেখ্য যে তেওঁলোকে যোৱা ১৫-২০ বছৰ ধৰি একেলগে ফুটবল মেচ চোৱাৰ এক অনন্য পৰম্পৰা ৰক্ষা কৰি আহিছে। অৱশেষত এই পৰম্পৰা ৰক্ষাৰ সুবিধা হোৱাকৈ এই ঘৰটো কিনাৰ সিদ্ধান্ত লয়।

ব্ক্তিগৰাকীয়ে লগতে কয়, “ভৱিষ্যতে আমাৰ উত্তৰ প্ৰজন্মইও এই সুখ উপভোগ কৰিব পাৰিব আৰু তেওঁলোকৰ ঐক্য অব্যাহত থাকিব। আমি এটা ডাঙৰ টিভি কিনাৰ পৰিকল্পনা কৰিছো। আমি সকলো প্ৰজন্মৰ দৰ্শকে ইয়ালৈ আহি একেলগে খেল উপভোগ কৰাৰ ব্যৱস্থা কৰিম।”

বিশ্বকাপ শেষ হোৱাৰ পিছত এই ঘৰটো সমাজ সেৱা, জৰুৰীকালীন সেৱা আৰু ক্ৰীড়া অনুষ্ঠানৰ এক কেন্দ্ৰত পৰিণত হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে।