নামনি অসমৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কয়াকুছি বজাৰ তিনিআলিত অহা ১০ এপ্ৰিলত এক প্ৰতীকী অৱস্থান ধৰ্মঘটৰ আয়োজন কৰা হৈছে।
নিখিল ভাৰত কৃষক সভাৰ কয়াকুছি আঞ্চলিক কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত কয়াকুছি বজাৰ এলকাত নিৰ্মীয়মাণ পকী পথক পকী নলাৰে সংযুক্ত কৰি বিজ্ঞানসন্মতভাৱে পানী নিষ্কাষণৰ ব্যৱস্থা কৰা, নলা নিৰ্মাণৰ বাবে কটা যোৱা প্ৰতিজোপা গছৰ বিপৰীতে দুটাকৈ গছপুলি ৰোপণৰ শীঘ্ৰে ব্যৱস্থা কৰা, কয়াকুছি হাস্পতালত অনতিপলমে স্থায়ী কৰ্মচাৰীৰ নিযুক্তিৰ লগতে পৰ্যাপ্ত ঔষধ-পাতিৰ যোগান ধৰাৰ দাবী উত্থাপন কৰিছে।
তদুপৰি ভক্তৰডবা আৰু বৰবালাত অতি শীঘ্ৰে ১০৮ এম্বুলেঞ্চ সেৱা কেন্দ্ৰ মুকলি কৰা, অঞ্চলটোৰ দুগ্ধ খেতিয়কসকলৰ উৎপাদিত গাখীৰ লাভজনক দাম দি চৰকাৰীভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ লগতে গাখীৰ বিক্ৰীৰ বাবে বিজ্ঞানসন্মত বজাৰ নিৰ্মাণ কৰা, কৃষকৰ উচ্ছেদ বন্ধ কৰা আৰু দীৰ্ঘদিন ভোগ দখল কৰি থকা কৃষকৰ মাটিৰ ম্যাদী পট্টা দিয়াৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি কয়াকুছি আঞ্চলিক কৃষক সভাৰ সভাপতি মণিৰউদ্দিন আহমেদ আৰু সম্পাদক আফাজউদ্দিন আহমেদে জানিবলৈ দিছে।
নেতাদ্বয়ে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংশ্লিষ্ট সকলোৰে উপস্থিতি কামনা কৰিছে।