• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাওত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ অধীনত নিৰ্মীয়মাণ ইষ্ট ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , April 7, 2018 7:19 pm

2 min read

ডিমা হাচাওত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ অধীনত নিৰ্মীয়মাণ ইষ্ট ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
92
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ অধীনত নিৰ্মীয়মাণ ইষ্ট ৱেষ্ট কৰিড’ৰ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ নিৰ্মাণ বিশেষকৈ জাতিংগা-লামডিং অংশৰ কাম প্ৰায় শেষ হোৱাৰ দিশত।

ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বাবে এনকেচি নামৰ সংস্থাৰ পৰা মাইবাঙ-কালাচান্দ অংশ চমজি লৈছে এনএইচএআই (নাহাই)এ।

আনহাতে এই কাৰ্যসূচীত উপস্থিত থাকে নাহাইৰ নগাঁও প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিটৰ প্ৰকল্প সঞ্চালক অলক কুমাৰ কনচালটেনচি সংস্থাৰ স্ম্যাকৰ টিম লিডাৰ ৰাম থ’টা, এনকেচিৰ পৰিচালন সঞ্চালক নৰেশ কুমাৰ আৰু এনকেচিৰ চি ই অ’ ৰহিত গুপ্তা।

ইফালে অবশিষ্ট জাতিংগা-ইনৃমবাংলো এএছ-২২ অধীনৰ ২৪ কিলোমিটাৰ নিৰ্মাণকাৰ্যৰ কামো ক্ষিপ্ৰভাৱে আগ বাঢ়িছে বুলি জানিব পৰা গৈছে। বিশেষকৈ জাতিংগাৰ সমীপৱৰ্তী নিউ লেইকুল গাঁৱৰ কাষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ এছ-কাৰ্ভ এলেকাৰ নিৰ্মাণকাৰ্য যুদ্ধকালীন তৎপৰতাৰে আগ বাঢ়িছে।

উক্ত কামৰ চোৱা-চিতাৰ দায়িত্বত আছে ঠিকাদাৰি সংস্থা এনকেচিৰ প্ৰজেক্ট মেনেজাৰ বাসুদেৱ পন্থী। বিশেষকৈ পথৰ কাষৰ পানী যোৱা নলা নিৰ্মাণত অধিক গুৰুত্ব দিয়া হৈছে।  কাৰণ বাৰিষা বৰষুণৰ সময়চোৱাত এই অংশ অধিক শোচনীয় হৈ পৰে। যাৰ ফলত এই অংশইদি বাৰিষা বৰষুণৰ সময়চোৱাত যানবাহন চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হয়।

গতিকে এইবাৰ যাতে এনে সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ ব্যৱস্থা হাতত লোৱা হৈছে আৰু দিনে-নিশাই সমান্তৰাল ভাৱে ইয়াক সম্পূৰ্ণ কৰি তোলাৰ বাবে কাম চলি আছে বুলি জানিব পৰা গৈছে।

এনকেচিৰ প্ৰজেক্ট মেনেজাৰ বাসুদেৱ পন্থীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি বাৰিষাৰ পূৰ্বেই এই অংশ সচল কৰি তোলা হ’ব।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd