• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিৰ বিভাজন ’১৯ৰ নিৰ্বাচনী পৰিকল্পনা নেকি বিজেপিৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 16, 2018 8:37 pm
photo hindustan times

জনজাতীয় সাজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতিক বিভাজনেৰে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰধান প্ৰতিশ্ৰুতি পালনত বিফল শাসনাধিষ্ঠ বিজেপি চৰকাৰে পাৰ কৰিব খুজিছে নেকি ’১৯ৰ নিৰ্বাচনী বৈতৰণী!

ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতাত এনে এক ‘ৰাজনৈতিক আঁচনি’ৰে আশংকা প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ চুতীয়াই।

Apply Now

‘জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ বিশেষ কিবা আঁচনি প্ৰস্তুত কৰি থোৱা যেন লাগে,’ নৰ্থ ইষ্ট নাও-ত এই মন্তব্য চুতীয়াৰ।

অসমৰ ৬টা জনগোষ্ঠীৰ সৈতে কেন্দ্ৰৰ শেহতীয়া আলোচনাৰ ‘চূড়ান্ত বিফলতা’, ট্ৰাইবেল সংঘৰ জনজাতিকৰণ-বিৰোধিতা আৰু জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীয় নেতাৰ ট্ৰাইবেল সংঘ-সমালোচনাই বিজেপিৰ বিভাজনমূলক পৰিকল্পনাৰ ইংগিতেই বহন কৰিছে নেকি?

সংঘই চুতীয়াকে ধৰি জনজাতিকৰণ দাবী কৰা ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি থকাৰ বিপৰীতে ১৯৮১ চনতে চুতীয়াসকল জনজাতিৰ যোগ্য বুলি সংঘই দিয়া স্বীকৃতিৰ প্ৰতিলিপি নৰ্থ ইষ্ট নাও-ৰ আগত দাঙি ধৰিছে জ্যোতি প্ৰসাদ চুতীয়াই।

‘চুতীয়া সম্প্ৰদায়ক জনজাতি লিষ্টত স্বীকৃতি দি অন্তৰ্ভুক্তিৰ বিষয়ে ‘সদৌ চুতীয়া জাতি সন্মিলন’য়ে দিয়া পত্ৰ সভাত পঢ়ি শুনাই দি এই বিষয়টো আলোচনা কৰা হয়। যিহেতু অন্তৰ্ভুক্তি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হাতত গতিকে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হওক,’ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি ‘সহানুভূতি’ প্ৰকাশ কৰি ১৯৮১ চনৰ ৯ ফেব্ৰুৱাৰিত সদৌ অসম ট্ৰাইবেল সংঘই গ্ৰহণ কৰা প্ৰস্তাৱ।

সংঘৰ অন্তৰ্গত দেউৰী আৰু মিছিং জনগোষ্ঠীয় সংগঠন সদৌ অসম দেউৰী সন্মিলন আৰু সদৌ গুৱাহাটী মিছিং কেবাঙেও চুতীয়াসকলৰ জনজাতিকৰণৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে ট্ৰাইবেল সংঘ তথা ইয়াৰ অন্তৰ্ভুক্ত জনগোষ্ঠীয় সংগঠনে বহু পূৰ্বেই চুতীয়াসকলৰ জনজাতিকৰণলৈ আগবঢ়োৱা এই সমৰ্থন সন্দৰ্ভত অজ্ঞ সংঘৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী।

‘মই ১৯৯৯ চনত ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিলৈ আহিছো। তাৰ আগত এনে কিবা সিদ্ধান্ত হৈছিল যদি মই এই বিষয়ে নাজানো। বিষয়টো ভালকৈ চাব লাগিব,’ মন্তব্য খাখলাৰীৰ।

জনগোষ্ঠীকেইটাই জনজাতিকৰণৰ চৰ্তসমূহ পূৰণ নকৰে বুলি মন্তব্য কৰি বিষয়টো চৰকাৰে স্পষ্ট কৰি নিদিয়াক লৈ খাখলাৰীয়ে কয় ‘চৰকাৰে ৬ জনগোষ্ঠীক আশা দি বিষয়টোৰ ৰাজনীতিকৰণ কৰি আছে।’

‘অসম চৰকাৰে এবাৰ দুবাৰ নহয় আঠ বাৰকৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ইয়াক নাকচ কৰিছে’ বুলি প্ৰকাশ কৰি খাখলাৰীয়ে কয় ‘জনজাতিৰ মৰ্য্যাদা পোৱাৰ বাবে প্ৰযোজনীয় আটাইখিনি লক্ষণ থাকিলে, তেওঁলোক জনজাতি হোৱাত আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকৰ সেই লক্ষণসমূহ নাই।’

এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ‘অসাংবিধানিক’ আৰু তেওঁলোকক জনজাতিৰ মৰ্য্যাদা দিবলৈ গ’লে ‘সংবিধান উলংঘা কৰা হ’ব’ বুলিও মন্তব্য কৰে ট্ৰাইবেল সংঘৰ নেতাজনে।

১৫ বছৰীয়া কংগ্ৰেছী শাসনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধিতাতকৈও ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অধিক কাৰ্য্যকৰী হৈছিল বিজেপিৰ ‘‘মেক্ৰ’ ৰাজনীতি’’। বৃ্হৎ ভোটাৰ থকা বড়ো, ৰাভা আৰু তিৱা জনগোষ্ঠীৰ মুখ্য দলকেইটাৰ লগত মিত্ৰতা কৰি বাকী ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ ফল আছিল বিজেপিৰ বাবে অভূতপূৰ্ব নিৰ্বাচনী সফলতা।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে গুৱাহাটীৰ ৰাজ ভৱনত জনজাতিকৰণ দাবীদাৰ জনগোষ্ঠীয় নেতাসকলক মাতি নি জনজাতিকৰণৰ মৰ্য্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কোঁচ-ৰাজবংশী নেতা হিতেশ বৰ্মনে সংবাদ মাধ্যমত কোৱা মতে ১০০ দিনৰ ভিতৰতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে।

‘তেওঁ (মোদী) আমাক স্পষ্টকৈ কৈছিল যে বিজেপি যদি ক্ষমতালৈ আহে আৰু তেওঁ যদি প্ৰধান মন্ত্ৰী হয়, তেন্তে আমাক ১০০ দিনৰ ভিতৰতে জনজাতিৰ মৰ্য্যাদা দিব,’ সংবাদ মাধ্যমত এয়া আছিল বৰ্মনৰ মন্তব্য।

২০১৪ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ পিছত যোৱা ২০১৬ৰ অসম বিধান সভা নিৰ্বাচনৰ ঠিক আগে আগে ২৯ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীয় নেতাসকলক দিল্লীলৈ মাতি নি জনজাতিকৰণৰ কাম আগবঢ়োৱাৰ বাবে মহেশ কুমাৰ সিংলাৰ নেতৃত্বত গঠন কৰি দিছিল মদালিটি সমিতি।

কিন্তু দিল্লীত যোৱা ২০ জুলাইত হোৱা বৈঠকত মদালিটি সমিতিয়ে যোৱা দুবছৰে একো কামেই নকৰাৰ কথা পোহৰলৈ অহাত ভীষণভাৱে প্ৰতাৰিত অনুভৱ কৰে অসমৰ জনগোষ্ঠীয় নেতাসকলে।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ৩.১ কোটি জনসংখ্যাৰ ১৩ শতাংশ লোক জনজাতি। জনজাতিকৰণৰ দাবীদাৰ ৬টা জনগোষ্ঠীৰ জনসংখ্যা জনজাতিৰ মৰ্য্যাদা পোৱা ১৩ শতাংশ (প্ৰায় ৪০ লাখ গৰাকী)তকৈ বহুগুণে বেছি।

৬টা জনগোষ্ঠীৰ আন্দোলন আৰু তাৰ বিপৰীতে পূৰ্বে জনজাতিৰ মৰ্য্যাদা লাভ কৰাসকলৰ বিৰোধিতাই অনা তীব্ৰ অস্বস্তিৰ পৰা পৰিত্ৰাণৰ নিমিত্তেই শাসকীয় বিজেপিয়ে জনজাতিকৰণক লৈ ‘ৰাজনৈতিক আঁচনি’ লোৱাটো অস্বীকাৰ কৰিব পাৰিনে?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd