• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমাগত ’১৯ৰ নিৰ্বাচন: কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ সৈতে ‘যোগাযোগ’ বিজেপিৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2018 3:54 pm

2 min read

bjp hq 'contacts' assam congress leader bobeeta sharma

ববিতা শৰ্মা। ছবি টুইটাৰৰ পৰা।

958
VIEWS
Share on FacebookShare on Twitter

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি দেশবাসীৰ কাণত পৰাৰ সময়তে বিজেপিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ে ‘যোগাযোগ’ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মাক!

কংগ্ৰেছৰ মানুহেৰে দল ভৰোৱা বুলি সমালোচিত বিজেপিয়ে পিছে দলত যোগ দিয়াৰ বাবে নহয়, সাংবাদিকৰ ছদ্মৱেশত তথ্য গোটোৱাৰ চেষ্টা কৰা বুলিহে অভিযোগ তুলিছে শৰ্মাই। বিজেপিক তেওঁ ‘ঠগ’ বুলিও কটাক্ষ কৰিছে।

What nonsense ! They were calling up others too ! CLP leader @DsaikiaOfficial , @Bismita Gogoi and Dulu Ahmed by impersonating as journalists & researchers. BIG deceivers ! #BJP #Imposters https://t.co/MRJgXHZcIO

— Bobbeeta Sharma (@bobbeeta) September 22, 2018

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা অভিনেত্ৰী-পৰিচালিকা গৰাকীয়ে শনিবাৰে টুইটাৰ আৰু ফে’ছবুকযোগে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় টিভি চেনেল এনডিটিভি–ৰ সাংবাদিক ‘ৰবিন’ৰূপে পৰিচয় দি এজন লোকে শুকুৰবাৰে আবেলি শৰ্মাই পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ লগতে কাষৰীয়া সমষ্টিসমূহৰ জনবিন্যাসৰ তথ্য বিচাৰে। উদ্দেশ্য ’১৯ৰ লোকসভা নিৰ্বাচনৰ একজিট প’ল।

A person named Robin called claiming to be a TV journo from @ndtv doing survey on 2019 exit polls wanting info on my East Guw Constituency. Later checked mtnl directory & found the call came from 11 Ashoka Road BJP party office (011 23385375 /23385395)! ?

— Bobbeeta Sharma (@bobbeeta) September 21, 2018

 

ববিতা শৰ্মাই ফে’ছবুকত ৰাজহুৱা কৰা এম টি এন এলৰ তথ্যৰ ছবি।

কিন্তু পিছত শৰ্মাই এম টি এন এল-ৰ ডাইৰেক্তৰি পৰীক্ষা কৰি দেখে যে সেই নম্বৰটো এনডিটিভি নহয়, নতুন দিল্লীস্থিত বিজেপি মুখ্য কাৰ্য্যালয়ৰহে নম্বৰ!

তেৱেঁই নহয়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়েও অনুৰূপ ফ’ন পোৱা বুলি শনিবাৰে টুইটাৰযোগে প্ৰকাশ কৰি শৰ্মাই বিজেপিক ‘ঠগ’ৰূপে সমালোচনা কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীৰ এই অভিযোগে চ’চিয়েল মিডিয়াত বিজেপিক হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ পিছত এই সন্দৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd